সোণগুটিয়ে বিধায়ক ফণীভূষণ চৌধুৰীকো নমাই আনিলে ভৰুণ পথাৰলৈ - বঙাইগাঁও বিধায়ক

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 25, 2023, 7:08 PM IST

Updated : Nov 25, 2023, 7:53 PM IST

বঙাইগাঁও, 25 নৱেম্বৰ : আঘোণৰ সোণোৱালী পথাৰখনেনো কাক হাতবাউলি নামাতে ! ভৰুণ পথাৰখনে মুগ্ধ কৰে মাটিৰ প্ৰেমিকক ৷ পকাধানৰ সুবাসত মতলীয়া হৈ বিলাসী বাহন এৰি পথাৰ পালেগৈ বিধায়ক ফণীভূষণ চৌধুৰী ৷ হাতত কাঁচি লৈ এথোঁক-দুথোঁক সোণগুটিৰে মুঠি গঁঠাত লাগিল বঙাইগাঁৱৰ বিধায়কগৰাকী ৷

শনিবাৰে দেখা গ’ল ভাললগা দৃশ্যটো ৷ ক’ৰবালৈ বুলি বিলাসী বাহনেৰে গৈ থকা অৱস্থাত বিধায়কগৰাকীয়ে বঙাইগাঁৱৰ নোৱাগাঁৱত দেখিলে এখন ভৰুণ পথাৰ ৷ য’ত দাৱনীয়ে চপাই আছিল সোণগুটি ৷ সেই দৃশ্য দেখি ৰ’বই নোৱাৰিলে আঠবাৰৰ বিধায়ক ফণীভূষণ চোধুৰী ৷ সুৰক্ষাকৰ্মী, গাড়ী  সকলো ৰাস্তাতে এৰি হুৰহুৰাই নামি গ’ল পথাৰলৈ ৷

কোনোবা এগৰাকী দাৱনীৰ পৰা কাঁচি এখন লৈ আৰম্ভ কৰিলে ধান কাটিবলৈ ৷ ধান কটাৰ মাজতে অৱশ্যে বিধায়কগৰাকীয়ে দাৱনীসকলৰ লগত মত-বিনিময়ো  কৰে ৷

লগতে পঢ়ক : মৰাণত চহা কৃষকৰ সপোন সোণালী হৈ জিলিকিছে ভৰা আঘোণৰ পথাৰত

Last Updated : Nov 25, 2023, 7:53 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.