স্বাধীনতা আন্দোলনত অংশ নোলোৱা সকলহে এতিয়া বেছি দেশপ্ৰেমিক
🎬 Watch Now: Feature Video
ভাৰতৰ স্বাধীনতা আন্দোলনত অংশ গ্ৰহণ নকৰা লোকসকলেহে ৰাষ্ট্ৰীয় পতাকা উৰুৱাই এতিয়া বেছি দেশপ্ৰেমিক হৈ পৰিছে ৷ স্বাধীনতাৰ 52 বছৰলৈকে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ চমুকৈ RSS ৰ মুখ্য কাৰ্যালয়ত ৰাষ্ট্ৰীয় পতাকা উৰুৱা নাছিল । সৰ্বভাৰতীয় পৰ্যায়ত সৰ্বাধিক সমালোচনা হোৱাৰ পাচত বিগত 2002 চনতহে মাত্ৰ RSS ৰ মুখ্য কাৰ্যালয়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাছিল । দেওবাৰে সংবাদ মাধ্যমৰ আগত BJPক কটাক্ষ কৰি এই মন্তব্য কৰে সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে (MLA Manoranjan Talukdar criticized BJP govt and RSS) ৷ লগতে তেওঁ কয় যে, দেশে মুক্ত স্বাধীনতা পোৱাৰ পাচতো 1947 চনৰ 14 আগষ্টৰ সংখ্যা ‘অৰ্গেনাইজাৰ’ কাকতত RSS এ মুক্তভাৱে কৈছিল “এই স্বাধীনতা আমি মানি নলওঁ ৷ এইখন পতাকা অশুভ পতাকা ৷ কেৱল গেৰুৱা পতাকাখনকেই মূল পতাকা বুলিও ঘোষণা কৰিছিল RSS এ ৷ আনকি তেওঁ আজি সেইসকল লোকেই এতিয়া শাসনৰ গাদীত বহি বেছি দেশপ্ৰেমিক দেখুৱাইছে বুলিও চাঞ্চল্যকৰ মন্তব্য কৰে ৷ লগতে ত্ৰিৰংগ পতাকালৈ লৈ ব্যৱসায় চলোৱাৰো অভিযোগো উত্থাপন কৰিছে বিধায়ক মনোৰঞ্জন তালুকদাৰে ৷ সুলভ মূল্যৰ দোকানৰ জৰিয়তে চৰকাৰে ৰাষ্ট্ৰীয় পতাকা যোগান ধৰাৰ কথা কৈছিল যদিও ৰাইজে পতাকা লাভ কৰা নাই ৷ ফলত ৰাষ্ট্ৰীয় পতাকাৰ চোৰাং ব্যৱসায় কৰি অধিক দামত বিক্ৰী কৰি থকা বুলিও অভিযোগ উত্থাপন কৰে বিধায়ক তালুকদাৰে ৷
Last Updated : Feb 3, 2023, 8:26 PM IST