thumbnail

By ETV Bharat Assamese Team

Published : Jan 13, 2024, 3:09 PM IST

ETV Bharat / Videos

নিজৰ সন্তানক বিদেশত ৰাখি অসমৰ প্ৰজন্মক উচতাই ধ্বংস কৰিব বিচাৰে হীৰেন গোঁহাইয়ে: মানৱ ডেকা

লখিমপুৰ,১৩ জানুৱাৰী: "ৰাজ্যৰ বাওপন্থী বুদ্ধিজীবী ড৹ হীৰেন গোঁহাই আচলতে এজন অস্থিৰ মানসিকতাৰ মানুহ । তেওঁ সততে অসমক অস্থিৰ কৰি ৰখাৰ পৰিকল্পনা কৰে । ৰাজ্যত কংগ্রেছ-বিজেপি যি চৰকাৰেই নাথাকক তেওঁ চৰকাৰক অস্থিৰ কৰাৰ চেষ্টা কৰে । যুৱ প্ৰজন্মক উচটাই এটা প্ৰজন্মক শেষ কৰি দিব বিচাৰে । নিজৰ সন্তানক বিদেশত ৰাখি অসমৰ প্ৰজন্মক উচতাই ধ্বংস কৰিব বিচাৰে হীৰেন গোঁহায়ে ।" এই মন্তব্য লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ । ৰাজ্যত পুনৰ কা আন্দোলনে উকমুকনি দিয়াৰ সময়তে ড৹ হীৰেন গোঁহাইৰ ভূমিকা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিধায়ক মানৱ ডেকাই ।

ড৹ হীৰেন গোঁহাইয়ে প্ৰয়াত সুধাকন্ঠ, চন্দ্র প্ৰসাদ শইকীয়া আদিৰ বিষয়ে কৰা মন্তব্য উল্লেখ কৰি বিধায়ক মানৱ ডেকাই হীৰেন গোঁহাইক কঠোৰ সমালোচনা কৰে । যোৱা ৪০/৫০ বছৰে অসমৰ যুৱ প্ৰজন্ম ধ্বংসৰ আদব-কায়দা কৰি থকা ড৹ হীৰেন গোঁহাই এজন সমাজ বিৰোধী, অসম বিৰোধী তথা ভাৰত বিৰোধী ব্যক্তি বুলি বিধায়ক মানৱ ডেকাই অভিহিত কৰে । কংগ্রেছকো সমালোচনা কৰি তেওঁ কয় কংগ্রেছে য'ত সফল হ'ব নোৱাৰে তাতেই বিজেপিয়ে বাধা দিয়া বুলি বিজেপিক দোষাৰোপ কৰে । ডিমা হাছাওৰ নিৰ্বাচনী ফলাফলে মোডী চৰকাৰৰ গেৰেন্টী, কাম-কাজ আদিৰ ফল বুলি কয় বিধায়ক মানৱ ডেকাই । 

লগতে পঢ়ক: মুখ্যমন্ত্ৰীয়ে সাষ্টাংগে প্ৰণিপাত কৰি ক্ষমা খোজা দৰকাৰ : অখিল গগৈ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.