Loksabha Election 2024: কেৱল নিৰ্বাচনৰ সময়তহে কংগ্ৰেছে চাহ বাগিচালৈ আহে; বিধায়ক চক্ৰধৰ গগৈ - Loksabha Election 2024 latest news
🎬 Watch Now: Feature Video
Published : Sep 8, 2023, 10:45 AM IST
ডিব্ৰুগড়, ছেপ্টেম্বৰ: সমাগত লোকসভা নিবাৰ্চনৰ প্ৰাকক্ষণত বিৰোধী কংগ্ৰেছে বাগিচাই বাগিচাই কংগ্ৰেছ শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰি চাহ বাগিচা অঞ্চলৰ ৰাইজৰ সমস্যাৰ বুজ লোৱাৰ বাবে চেষ্টা চলাইছে । কংগ্ৰেছৰ এই কাৰ্যসূচীক লৈ শাসক দল বিজেপিয়ে তীব্ৰ সমালোচনা কৰাৰ লগতে ডিব্ৰুগড় জিলাৰ টিংখাং আৰু মৰাণত কংগ্ৰেছৰ সভাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । আনকি কংগ্ৰেছ আৰু বিজেপি কৰ্মীৰ মাজত তীব্ৰ সংঘাতৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছিল দুয়োখন কংগ্ৰেছৰ সভাত । এই সংঘাতক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ স্থানীয় বিধায়ক চক্ৰধৰ গগৈৰ ।
বিধায়ক গৰাকীয়ে কয়, "বাগিচালৈ আমি সদায় যাওঁ, বাগিচাৰ ৰাইজৰ সুখ দুখৰ বুজি ল’বলৈ যাওঁ ৷ কিন্তু কংগ্ৰেছে নিৰ্বাচনৰ সময়তহে বাগিচালৈ গৈছে । ক'ভিডৰ সময়ত বাগিচালৈ কংগ্ৰেছ নেতা কৰ্মীসকল আহি চাহ শ্ৰমিকৰ খবৰ লোৱা হ'লে তেওঁলোকৰ এই কাৰ্যসূচীক লৈ ক'ব লগা একো নাথাকিল হেতেন । এতিয়া শ্ৰমিকসকলে কংগ্ৰেছক প্ৰশ্ন কৰিছে যাৰ বাবে কংগ্ৰেছ এতিয়া অপদস্থ হ'বলগা হৈছে ।"
লগতে পঢ়ক: Tribute to Bhupen Hazarika: সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীতত গণচেতনা