Amrit Kalash Yatra: জোনাইত অমৃত কলহ যাত্ৰা

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 5:04 PM IST

thumbnail

জোনাই,২৭ ছেপ্টেম্বৰ: বাহিৰ জোনাই লুহিজান গাঁও পঞ্চায়তৰ অন্তৰ্গত বলাইপাম মুকলি মঞ্চৰ পৰা জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগু, মহকুমাধিপতি শান্তনু গগৈয়ে শুভাৰম্ভ কৰে অমৃত কলহ যাত্ৰা ৷ বলাইপাম মুকলি মঞ্চৰ পৰা আৰম্ভ কৰা অমৃত কলহ যাত্ৰা অকলেণ্ড শান্তিপুৰ, গেজেৰা হৈ পুনৰ সামৰণি মাৰে বলাইপাম মুকলি মঞ্চত ৷ এই যাত্রাত বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দলৰ লগতে শ শ লোকে ঢোলে-দগৰে সমদল কৰি কেইবাটাও ৱাৰ্ডৰ ৰাইজৰ পৰা এমুঠিকৈ মাটি সংগ্ৰহ কৰে ।

আনহাতে ৰামধন দিখাৰী গাঁও পঞ্চায়ত কাৰ্যালয়ৰ পৰা আৰম্ভ কৰা অমৃত কলহ যাত্ৰাৰ শুভাৰম্ভ কৰে পূৱ জোনাই জিলা পৰিষদৰ সদস্য অতুল পেগুৱে ৷ পঞ্চায়খনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ শ শ লোকে অংশ গ্ৰহণ কৰা এই অমৃত কলহ যাত্ৰাত পঞ্চায়তৰ ৩ আৰু ৪ ৱাৰ্ডৰ ৰাইজে এমুঠিকৈ মাটি দান কৰি সঁহাৰি জনোৱা পৰিলক্ষিত হয় । উক্ত কাৰ্যসূচীত বিধায়ক ভূৱন পেগুৰ লগতে মহকুমাধিপতি শান্তনু গগৈ, মূৰ্কংচেলেক খণ্ড উন্নয়ন বিষয়া পৰমানন্দ শইকীয়া, পূৱ জোনাই জিলা পৰিষদৰ সদস্য অতুল পেগু, সোণোৱাল কছাৰী স্বায়ত্ত্বশাসিত পৰিষদৰ সদস্য বিজয় শইকীয়া,TMPK জোনাই জিলা সমিতিৰ সভাপতি সঞ্জয় কুম্বাং আদিয়ে অংশগ্ৰহণ কৰে ৷ 

লগতে পঢ়ক: World Tourism Day 2023: ধোঁৱা চাঙত পৰ্যটনস্থলী উন্নয়নৰ আঁচনি ! বিড়ম্বনা আখ্যা কলিয়াবৰবাসীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.