ধ্বংসৰ গৰাহত বাঘৰ চুকৰ সুগন্ধি আৰু ঔষধি উদ্ভিদৰ উদ্যান - তৰুণ গগৈ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 4:42 PM IST

যোৰহাট, 6 ডিচেম্বৰ :  ধ্বংসৰ দিশে গতি কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কাৰ্যকালতে তিতাবৰৰ বাঘৰ চুকত স্থাপন কৰা সুগন্ধি আৰু ঔষধিযুক্ত উদ্যানে ৷ উদ্যানখনৰ বিকাশ তথা উন্নয়নত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰাৰ নাই বিভাগীয় কৰ্তৃক্ষই ৷ বুধবাৰে উদ্যানখন পৰিদৰ্শন কৰি, ইয়াৰ জৰাজীৰ্ণ ৰূপ দেখি ক্ষুব্ধ হৈ পৰে তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ বৰুৱা ৷

2007-08 বৰ্ষত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তিতাবৰ সমষ্টিৰ বিধায়ক তৰুণ গগৈৰ কাৰ্যকালতে 24 বিঘা ভূমিত সামৰি তিতাবৰৰ বাঘৰ চুক অঞ্চলত স্থাপন কৰা হৈছিল সুগন্ধি আৰু ঔষধিযুক্ত উদ্যানখন ৷ কিন্তু কালক্ৰমত বিভাগীয় কৰ্তৃক্ষৰ অৱহেলা আৰু অমনোযোগিতাৰ বাবে জৰাজীৰ্ণ ৰূপ ধৰে উদ্ধানখনে ৷  

আজি হঠাৎ উদ্যানখন পৰিদৰ্শন কৰি তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ বৰুৱাই উদ্যানখনৰ পয়ালগা অৱস্থা দেখি হতভম্ব হৈ পৰে লগতে চৰকাৰৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰে ৷ শোচনীয় অৱস্থাত থকা উদ্ধানখন পুনৰ উজ্জীৱিত কৰাৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষ আৰু মন্ত্ৰীক দৃষ্টিগোচৰ কৰা হ'ব বুলি মত প্ৰকাশ কৰে বিধায়কজনে ৷ 

লগতে পঢ়ক : ৰঙাপৰাৰ নামনি গাঁৱত নিশা আতংকময় পৰিৱেশ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.