Microfinance Loan Relief: কণা হাঁহক পতান দিয়াৰ দৰে মাইক্ৰ'ফাইনেঞ্চৰ ঋণ ৰেহাই দিছে চৰকাৰে: আমিনুল ইছলাম - কণা হাঁহক পতান
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/16-10-2023/640-480-19784620-thumbnail-16x9-sdjhcsd.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Oct 16, 2023, 10:34 PM IST
নগাঁও, 16 অক্টোবৰ : কণা হাঁহক পতান দিয়াৰ দৰে মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাই দিছে ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে । এই অভিযোগ ধিং সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামৰ । সোমবাৰে নগাঁৱৰ নেহেৰুবালিত অনুষ্ঠিত মাইক্ৰ'ফাইনেন্সৰ ঋণমুক্ত প্ৰমাণ পত্ৰ বিতৰণ অনুষ্ঠানত উপস্থিত থাকি সংবাদ মাধ্যমৰ সন্মুখত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে বিধায়ক আমিনুল ইছলামে । ‘‘নিৰ্বাচনৰ পূৰ্বে বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দিয়া প্ৰতিশ্ৰুতি মতে ঋণ ৰেহাই দিয়া নাই মহিলাসকলৰ । ঋণ ৰেহাইৰ নামত কেৱল ঢাক-ঢোল বজাইছে চৰকাৰে ।’’ এই অভিযোগো বিধায়ক অমিনুল ইছলামৰ৷ চৰকাৰে মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাই দিয়া বহু মহিলাৰ নামত ফাইনেন্স কোম্পানীয়ে চমন প্ৰেৰণ কৰা বুলিও অভিযোগ উত্থাপন কৰে বিধায়ক আমিনুল ইছলামে ।
লগতে পঢ়ক: Rakibul Hussain : পতনৰ আগে-আগে কংগ্ৰেছে কোৱা কথাবোৰ চেৰেং চেৰেংকৈ মনত পৰিছে ৰকিবুল হুছেইনৰ