মানুহৰ মাজত গ্ৰেণেড দলিওৱাটো নিশ্চিতভাৱে সন্ত্ৰাসবাদী কাম: অখিল গগৈ - গ্ৰেণেড বিস্ফোৰণ
🎬 Watch Now: Feature Video
Published : Dec 10, 2023, 5:48 PM IST
আমগুৰি, 10 ডিচেম্বৰ : শিৱসাগৰৰ জয়সাগৰত শনিবাৰে সংঘটিত হোৱা সন্দেহজনক গ্ৰেণেড বিস্ফোৰণৰ ঘটনাক গৰিহণা বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ ৷ তেওঁ কয় যে, আজিৰ দিনত এনেদৰে এটা গ্ৰেণেড বিস্ফোৰণ কৰি দেশৰ কিবা এটা পৰিৱৰ্তন হ’ব এনেকুৱা কোনো কথা ভাবিব নোৱাৰি ৷ তাৰ বিপৰীতে সকলোৱে গণতান্ত্ৰিকভাৱে ঐক্যবদ্ধ হৈ বৰ্তমানৰ যি ফেচিষ্ট চৰকাৰ তাক ওফৰাবৰ লাগিব ৷ কিন্তু সশস্ত্ৰ সংগ্ৰামৰ জৰিয়তে নহয় কেতিয়াও, সশস্ত্ৰ সংগ্ৰামক কেতিয়াও সমৰ্থন দিব নোৱাৰি বুলি কয় তেওঁ ৷
আনহাতে তিনিৰাজ্যৰ নিৰ্বাচনী ফলাফলে হতাশ কৰিছে বুলি মন্তব্য কৰে বিধায়কজনে ৷ তেওঁ কয় যে, "ইয়াৰ পৰা আমি শিক্ষা লৈছো ৷ এইবাৰ ঐক্যবদ্ধভাৱে INDI মিত্ৰজোঁটে নিৰ্বাচন খেলাৰ সিদ্ধান্ত লৈছে ৷ 2024 ৰ লোকসভা নিৰ্বাচনত আমি বিজেপিক হৰুৱাম ৷"
উল্লেখ্য যে, বিলুপ্তি ঘটি শিৱসাগৰ সমষ্টিৰ অন্তৰ্ভুক্ত হোৱা আমগুৰি সমষ্টিৰ চাৰিং পঞ্চায়তত জনজাগৰণ কাৰ্যসূচীৰে ৰাইজৰ মাজত উপস্থিত হয় শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈ ৷ চাৰিং পঞ্চায়তত উপস্থিত হৈ এই মন্তব্য কৰে বিধায়কজনে ৷
লগতে পঢ়ক : ডিজিপিক প্ৰত্যুত্তৰ; ডিৰাক-জয়সাগৰৰ বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ আলফা(স্বা)ৰ