Inaugurated Heritage museum in Sivasagar : ৰূদ্ৰসিংহ পাৰ্কত মুকলি হ’ল এটা হেৰিটেজ মিউজিয়াম - ন ৰূপত ৰূদ্ৰসিংহ পাৰ্কত মুকলি

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 10, 2023, 7:13 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

শিৱসাগৰৰ পৰ্যটন ক্ষেত্ৰত (Sivasagar Tourism)সংযোজিত হ’ল এটা হেৰিটেজ মিউজিয়াম । ঐতিহাসিক জয়সাগৰ পুখুৰীৰ পাৰত অৱস্থিত স্বৰ্গদেউ ৰূদ্ৰসিংহ পাৰ্কত প্ৰতিষ্ঠা কৰা হৈছে এই হেৰিটেজ মিউজিয়াম কমপ্লেক্সটো । অসম পৰ্যটন বিভাগৰ অন্তৰ্গত জুইশাল গোষ্ঠীৰ তত্বাৱধানত ন-ৰূপত ৰূদ্ৰসিংহ পাৰ্কত মুকলি কৰা হয় এই মিউজিয়ামটো (Inaugurated Heritage museum in Sivasagar)। মঙলবাৰে এই মিউজিয়ামটো শুভ উদ্বোধন কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ৷ এই মিউজিয়ামটোত বিভিন্ন ধৰণৰ পৌৰাণিক সামগ্ৰী প্ৰদৰ্শিত কৰা হৈছে । আনকি পৰ্যটকসকলৰ বাবে সাঁচিপাতৰ পুথি, আহোম যুগৰ অস্ত্ৰ শস্ত্ৰ, বিভিন্ন সময়ৰ মুদ্ৰা, অসমৰ প্ৰাচীনতম লোক কলা, মুখাশিল্পৰ লগতে আহোম যুগৰ বিভিন্ন সা-সামগ্ৰী আদিও মিউজিয়ামটোত প্ৰদৰ্শন কৰা হৈছে ।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.