Ban on Entry of Commercial Vehicles: অনিৰ্দিষ্টকালৰ বাবে মিজোৰামত প্ৰৱেশ কৰিব নোৱাৰিব মালবাহী ট্ৰাক

By

Published : Nov 4, 2022, 8:24 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail
অনিৰ্দিষ্টকালৰ কাৰণে মিজোৰামত প্ৰৱেশ কৰিব নোৱাৰে অসমসহ বহিঃৰাজ্যৰ বাণিজ্যক বাহনসমূহে (Entry of commercial vehicles of other states) ৷ কিয়নো বৃহস্পতিবাৰৰ পৰা মিজোৰামৰ ল্যান্ড ওৱোনাৰ এছ’ছিয়েচন নামৰ সন্থাই মালবাহী ট্ৰাকসমূহ অৱৰোধ কৰাৰ ফলত অসমসহ আন ৰাজ্যসমুহৰ মালবাহী ট্ৰাকবোৰ মিজোৰামত প্ৰৱেশ কৰিব পৰা নাই (Ban on Entry of Commercial Vehicles) ৷ উল্লেখ্য যে, ভাইৰেংটী-আইজল সংযোগী 306 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো চাৰিলেনযুক্ত পথ নিৰ্মাণৰ কাৰণ কাম আৰম্ভ কৰা হৈছে যদিও আজিপৰ্যন্ত ভূমি মালিকসকলক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰা হোৱা নাই ৷ ফলত এই সন্থাটোৱে বৃহস্পতিবাৰ পুৱাৰে পৰা হাতে হাতে প্লে’ কাৰ্ড লৈ ৰাজপথ অৱৰোধ কৰি (Mizo organization Protest) অসমসহ আন ৰাজ্যৰ কোনো ট্ৰাক মিজোৰামৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া নাই ৷ অৱশ্যে মিজোৰামৰ ট্ৰাকসমুহক প্ৰৱেশ কৰিবলৈ দিয়া হৈছে ৷ যাৰ ফলত হাজাৰ হাজাৰ মিজোৰাম অভিমুখী মালবাহী ট্ৰাক লাইলাপুৰত আৱদ্ধ হৈ পৰিছে ৷
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.