Youth Missing in Lakhimpur: সোৱণশিৰিত গা ধুবলৈ গৈ সন্ধানহীন যুৱক

By

Published : Mar 8, 2023, 8:38 PM IST

thumbnail

লখিমপুৰ, ৮ মাৰ্চ: চৌদিশে হোলীৰ পাৰভঙা আনন্দ উছাহ । ইয়াৰ মাজতে লখিমপুৰ জিলাৰ সোৱণশিৰি নদীত এজন যুৱক সন্ধানহীন হোৱাৰ এক দুখজনক খবৰ পোহৰলৈ আহিছে (Youth Missing lakhimpur) ৷ বুধবাৰে বিয়লি সোৱণশিৰি নদীত পৰি এজন যুৱক নিৰুদ্দেশ হয় (Youth Missing in Subansiri river)।

লখিমপুৰ নগৰৰ কিছু নিলগৰ আজাদ ৰংপুৰীয়া ঘাটত সংঘটিত হয় এই ঘটনা । জানিব পৰা মতে লগৰীয়াৰ লগত ফাকুৱা খেলি যুৱকজনে সোৱণশিৰি নদীলৈ গা ধুবলৈ গৈছিল । নিৰুদ্দিষ্ট যুৱকজনৰ নাম মানস শইকীয়া । লখিমপুৰ জিলাৰ পানীগাঁও থানাৰ অন্তগৰ্ত পানীগাঁৱত ঘৰ যুৱকজনৰ ।

সম্প্ৰতি নিৰুদ্দিষ্ট যুৱকজনৰ সন্ধানত সোৱণশিৰি নদীত উদ্ধাৰ অভিযান চলোৱা হৈছে যদিও সন্ধিয়ালৈকে যুৱকজনৰ কোনো শুংসূত্ৰ পোৱা নাই । এই ঘটনাই অঞ্চলটোত হোলীৰ আনন্দ উল্লাস ম্লান কৰি তোলে।

লগতে পঢ়ক: Gold seized by GRPF : গুৱাহাটী ৰেল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ সোণ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.