Woman body found: নৈৰ পাৰত উদ্ধাৰ সীমা বিশ্বাসৰ মৃতদেহ, স্বামীৰ পৰিয়াললৈ সন্দেহৰ আঙুলি
🎬 Watch Now: Feature Video
ডিফু, 26 জুলাই: পশ্চিম কাৰ্বি আংলঙৰ দৈয়াংমুখৰ দৈয়াং নৈত মঙলবাৰে এটা মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হয় চাঞ্চল্যৰ । মৃতদেহটো সোমবাৰে পুৱাৰে পৰা সন্ধানহীন হৈ থকা সীমা বিশ্বাস নামৰ মহিলাগৰাকীৰ বুলি পৰিয়ালৰ লোকে চিনাক্ত কৰে । দৈয়াং নৈৰ কালি ঘাটত নৈৰ বুকুৰপৰা উদ্ধাৰ কৰা হয় মৃতদেহটো । মৃত সীমাৰ চেণ্ডেল নৈৰ পাৰত প্ৰত্যক্ষ কৰি পানীত ডুব যোৱাৰ সন্দেহত নৈত এচডিআৰএফ বাহিনীয়ে উদ্ধাৰ অভিযান চলায় মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
ইপিনে, সীমা বিশ্বাসক হত্যাৰ সন্দেহ প্ৰকাশ কৰিছে সীমাৰ পিতৃৰ পৰিয়ালে । স্বামী স্বৰূপানন্দ বিশ্বাস, ভাতৃ ৰোহিত বিশ্বাস আৰু শাহুৱেকৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰিছে সীমাৰ পিতৃ আৰু পৰিয়ালে । বিগত বৰ্ষৰ মাৰ্চ মাহত বিবাহপাশত আৱদ্ধ হোৱাৰে পৰা সীমাৰ ওপৰত মানসিক, শাৰীৰিক নির্যাতন চলাই অহাৰ অভিযোগ তুলিছে সীমাৰ পিতৃ আৰু পৰিয়ালে ৷
উল্লেখ্য যে সোমবাৰে সীমা সন্ধানহীন হোৱাৰ খবৰ লাভ কৰাৰ পাছতেই স্বামী স্বৰূপানন্দ বিশ্বাসৰ বাহগৃহত উপস্থিত হৈছিল সীমাৰ পিতৃ আৰু পৰিয়ালৰ লোক ৷ ইয়াৰ পাচতেই ঘটনা সন্দৰ্ভত দুয়োপক্ষৰ মাজত সৃষ্টি হৈছিল উত্তেজনা আৰু তীব্ৰ বাক- বিতণ্ডাৰ । লগতে, হত্যাৰ অভিযোগত স্বামী গৃহৰ পৰিয়ালৰ বিৰুদ্ধে খেৰণি থানাত এখন এজাহাৰো দাখিল কৰিছে সীমা বিশ্বাসৰ পিতৃ পুতুল বিশ্বাসে ।
অৱশ্যে, আৰক্ষীৰ সঠিক তদন্ত আৰু অনুসন্ধানৰ পাছতহে পোহৰলৈ আহিব প্রকৃত সত্য । ইতিমধ্যে সীমাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে খেৰণি আৰক্ষীয়ে ।
লগতে পঢ়ক : No confidence motion in Lok Sabha: চৰকাৰৰ বিৰুদ্ধে লোকসভাত অনাস্থা প্ৰস্তাৱ উত্থাপনৰ সিদ্ধান্ত বিৰোধীৰ