Minor recovered: ভজো ষ্টেশ্যনৰ পৰা উদ্ধাৰ নিৰুদ্দিষ্ট কিশোৰ

By

Published : Apr 20, 2023, 10:37 PM IST

thumbnail

মৰাণ, 20 এপ্ৰিল:  অৱশেষত উদ্ধাৰ হ'ল গৌৰৱ বঁটা প্ৰাপক শীলা গোৱালাৰ জ্যেষ্ঠ পুত্ৰ ৷ বিদ্যালয়ত শিক্ষকে মাতৃক অপদস্থ কৰাৰ বেদনাত ঘৰ এৰি গৈছিল তেওঁৰ জ্যেষ্ঠ পুত্ৰই ৷ বৃহস্পতিবাৰে ভজো ৰে’ল ষ্টেশ্যনৰ পৰা উদ্ধাৰ কৰা হয় কিশোৰটোক (Missing son of Shila Gowala rescued) । গুৱাহাটীৰ পৰা অহা এখন ট্ৰেইনত আহি ভজো ষ্টেচনত নামিছিল কিশোৰটো । 

উল্লেখযোগ্য অসম গৌৰৱ বঁটা প্ৰাপক শীলা গোৱালাক সোণাৰি নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ত একাংশ শিক্ষকে অপদস্থ কৰা গুৰুতৰ অভিযোগ উত্থাপন হৈছিল (Minor rescued from Bhojo Station)। পেছাত এগৰাকী আশাকৰ্মী শীলা গোৱালাই ১৭ এপ্ৰিলত দুই পুত্ৰৰ নামভৰ্তিৰ বাবে উপস্থিত হৈছিল সোণাৰি নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ত । কিন্তু সময়মতে মাছুল পৰিশোধ কৰিব নোৱাৰা বাবে দুই পুত্ৰৰ পৰীক্ষাৰ ফলাফল স্থগিত ৰখা বুলি জানিব পাৰি বিদ্যালয়খনৰ প্ৰধান শিক্ষকক বিষয়তো অৱগত কৰিছিল গোৱালাই।  

লগতে পঢ়ক: Swahid Dayal Das Panika Swajiyojan achoni: মৰিয়নীত বঞ্চিত হিতাধিকাৰীৰ প্ৰতিবাদ

তেনে সময়তে বিদ্যালয় খনৰ কেইগৰাকীমান শিক্ষকে ছাত্ৰ দুগৰাকীক পঢ়া-শুনা বাদ দি গেৰেজত কাম কৰিবলৈ পৰামৰ্শ দিয়ে মাতৃৰ সন্মুখতে। শিক্ষক কেইগৰাকীৰ এই কথা শুনি হতভম্ব হৈ কান্দোনত ভাগি পৰে অসম গৌৰৱ বঁটা প্ৰাপকগৰাকী ৷ ইয়াৰ পৰিণতিত মনোকষ্ট পাই ঘৰৰ পৰা ওলাই যোৱা শীলা গোৱালাৰ জ্যেষ্ঠ পুত্ৰ নিৰুদ্দেশ হৈ আছিল । ইয়াৰ পিচতে পুত্ৰক বিচাৰি হাহাকাৰ লাগি শোকত ভাগি পৰিছিল মাতৃগৰাকী ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.