Mising Cultural Competition : জোনাইত দুদিনীয়াকৈ আয়োজন হ’ব মিচিং সাংস্কৃতিক প্ৰতিযোগিতা

By

Published : Mar 10, 2023, 10:26 PM IST

thumbnail

জোনাই, ১০ মাৰ্চ : মিচিং দৃৰবৃ কৌবাঙৰ চমকং বাংকে (আঞ্চলিক) সমিতিৰ উদ্যোগত কাইলৈ অৰ্থাৎ শনিবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হ’ব মিচিং সাংস্কৃতিক প্ৰতিযোগিতা (Mising Cultural Competition will be held at Jonai) ৷ কাইলৈ পুৱা ভাগত চাফাই অভিযান, পতাকা উত্তোলন, মূৰঙৰ দ্বাৰ উন্মোচন, মঞ্চ উদ্বোধনৰ পাচত দুপৰীয়া মিবু দাগনাম অনুষ্ঠিত কৰা হ’ব ।

ইয়াৰ পৰৱৰ্তী পৰ্যায়ত এককভাৱে গুমৰাগ, ঐনিঃতম, বাঁহী বাদন, ঢোল বাদন, তাকুৰীত সূতা কটা, ধনু কাঁড় মৰা, নিচুকনি গীত প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰা হ’ব । দ্বিতীয় তথা ১২ মাৰ্চৰ পুৱাৰ ভাগত গছপুলি ৰোপণৰ পাচতে দলীয়ভাৱে গুমৰাগ নৃত্য, লত্তা চঃনাম, লৃগাং চঃনাম, চিল্লৈয়া, লেৰেলী, ৰাগতুব নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ’ব । সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰিছে আয়োজক সকলে (Mising Cultural at Jonai) ৷

মিচিং দৃৰবৃ কৌবাঙৰ চমকং আঞ্চলিক সমিতিৰ সভাপতি মহেশ কাৰ্দঙৰ সভাপতিত্বত অনুষ্ঠিত হ’ব লগা মুকলি সভাত মুখ্য অতিথি হিচাপে মিচিং বাঃনে কৌবাঙৰ সাধাৰণ সম্পাদক ৰাজু মেদক, নিৰ্দিষ্ট বক্তা হিচাপে মিচিং দৃৰবৃ কৌবাঙৰ জোনাই জিলা সমিতিৰ সভাপতি প্ৰদীপ কুম্বাং, টিএমপিকে, এমএমকে, মিচিং আগম কৌবাঙৰ জিলা আৰু আঞ্চলিক সমিতিৰ বিষয়ববীয়া, কেবাজনো জনপ্ৰতিনিধি, শিক্ষক, সমাজকৰ্মী বিশিষ্ট আৰু আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব ।

মিচিং জাতিৰ চহকী সাংস্কৃতিৰ ভঁৰালৰ পৰা বিলুপ্তপ্ৰায় ঢোল, পেঁপা, নৃত্য আদি যুগমীয়া কৰি ৰখাৰ স্বাৰ্থত উক্ত কাৰ্যসূচী অনুষ্ঠিত কৰা বুলি উদযাপন সমিতিয়ে সদৰী কৰিছে ৷ দুদিনীয়াকৈ অনুষ্ঠিত কৰা কাৰ্যসূচীত অঞ্চলবাসী ৰাইজৰ উপস্থিতি কামনা কৰিছে মিচিং দৃৰবৃ কৌবাঙৰ চমকং আঞ্চলিক সমিতিয়ে ৷

লগতে পঢ়ক : Assam State Film Awards for 2018 and 2019 : ২০১৮ আৰু ২০১৯ বৰ্ষৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা ঘোষণা কৰিলে মন্ত্ৰী বিমল বড়াই

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.