সীমিত পুঁজিৰে মিচিং স্বায়ত্তশাসিত পৰিষদীয় লোকৰ উন্নয়নৰ কামকাজ কৰা হ’ব : পদুম ৰাই - মিচিং স্বায়ত্তশাসিত পৰিষদ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 9:31 PM IST

জোনাই, ২১ নৱেম্বৰ : মঙলবাৰে অনুষ্ঠিত কৰা হয় মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৪ নং পৰিষদীয় সমষ্টিৰ এখন গাঁও সভা । মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৪ নং দেবিং দেতাং সমষ্টিৰ অন্তৰ্গত চিগা গাঁও পঞ্চায়ত ভিত্তিত চিগা নেপাল কামান লত্তাত অনুষ্ঠিত কৰা এই সভাৰ সভাপতিত্ব কৰে প্ৰাক্তন পঞ্চায়ত সভাপতি প্ৰসাদ দলেই ৷ এই সভাত উপস্থিত থাকে মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৪ নং পৰিষদীয় সমষ্টিৰ প্ৰতিনিধি তথা কাৰ্যবাহী সদস্য পদুম ৰাই ৷

অসম চৰকাৰে আবন্টন দিয়া সীমিত পুঁজিৰে মিচিং স্বায়ত্তশাসিত পৰিষদ এলেকাত ৰাইজৰ বিভিন্ন সমস্যাৰ সমাধানৰ বাবে আবেদন গ্ৰহণ কৰা আৰু ৰাইজৰ আবেদনৰ ভিত্তিতেই আঁচনি হিচাপে লৈ পৰ্যায়ক্ৰমে ৰূপায়ণ কৰিবলৈ প্ৰচেষ্টা হাতত লোৱা হ’ব ৷ সভাত উপস্থিত থাকি এই মন্তব্য কৰে পদুম ৰাইয়ে ৷ লগতে এইক্ষেত্ৰত স্থানীয় ৰাইজে সঠিক চিন্তা আৰু পূৰ্ণ সহযোগিতা আগবঢ়াব লাগিব বুলিও তেওঁ ভাষণত কয় ।

সভাত মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৪ নং দেবিং দেতাক পৰিষদীয় সমষ্টিৰ বাবে কেবাখনো উন্নয়নৰ আঁচনি গ্ৰহণ কৰা হয় ৷ ইয়াৰ উপৰিও জীৱন-জীৱিকাৰ ওপৰত আলোচনাৰ লগতে বিভিন্ন আঁচনিৰ হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰা হয় । সভাত গণশক্তি অসম জোনাই জিলাৰ সম্পাদক সুৱল হাজং, সাংস্কৃতিক সম্পাদক বীৰ বাহাদুৰ লিম্বু, চিগা বাংকেৰ টি এম পি কেৰ নেতৃত্ববৃন্দ, এম এম কে, টি এম এম কেৰ নেতৃবৃন্দও উপস্থিত থাকে ।

লগতে পঢ়ক : আঘোণতে লুকাই আছে চহা কৃষকৰ শাশ্বত সপোন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.