thumbnail

By

Published : Apr 20, 2023, 1:29 AM IST

ETV Bharat / Videos

Dhemaji fire news: এগৰাকী বিধৱা মহিলাৰ ঘৰত দুৰ্বৃত্তৰ অগ্নিসংযোগ

ধেমাজি, 19 এপ্ৰিল : বিহুৰ আনন্দৰ মাজতে ধেমাজি বঠাদৈ গাঁৱত অগ্নিকাণ্ডৰ ঘটনা ৷ ধেমাজিৰ বঠাদৈ গাঁৱত এগৰাকী বিধৱা মহিলাৰ ঘৰত কোনো দুৰ্বৃত্তই অগ্নিসংযোগ কৰে ৷ অঞ্চলটোৰহ ঘুগুহা গাঁও পঞ্চায়তৰ অন্তৰ্গত বঠাদৈ গাঁৱৰ জয়ামাই দাস নামৰ এগৰাকী বিধৱা মহিলাৰ ঘৰত কোনো দুৰ্বৃত্তই অগ্নি সংযোগ কৰে ৷ জানিব পৰা মতে দুৰ্ভগীয়া মহিলা গৰাকীয়ে গাঁৱৰে শহুৰ-শাহুৱেকৰ ঘৰলৈ নিজৰ জী-জোঁৱাইয়েকৰ সৈতে ওলাই যোৱাৰ পিছতে কালি সন্ধিয়া ঘৰৰ ভিতৰত প্ৰৱেশ কৰি অগ্নি সংযোগ কোনো দুৰ্বৃত্তই (Dhemaji fire news) ৷

অগ্নি সংযোগ কৰাৰ ফলত মহিলা গৰাকীৰ ঘৰৰ বয়-বস্তু, কাপোৰ-কানি জুইত ভস্মীভূত হয় ৷ তদুপৰি এই জুইতহ PMAY ঘৰৰ বাবে লাভ কৰা ২৫ হাজাৰ টকাও নিমিষতে জ্বলি ছাৰখাৰ হয় ৷ উল্লেখ্য যে স্বামীৰ মৃত্যুৰ পিছৰে পৰা দুজনী কন্যা সন্তানৰ সৈতে  দীৰ্ঘদিনে এই ঘৰটোতে বসবাস কৰি আহিছিল জয়ামাই দাসে ৷ বিহু আনন্দৰ মাজতে গাঁওখনৰ দুৰ্ভগীয়া মহিলাগৰাকী ঘৰত সংঘটিত এই ঘটনাক ধিক্কাৰ দিছে বিভিন্নজনে ৷ ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত আজি ধেমাজি সদৰ থানাত ভুক্তভোগী জয়ামাই দাসে এজাহাৰ দাখিল কৰিছে ৷

লগতে পঢ়ক : Heavy storm in Jonai: প্ৰচণ্ড ধুমুহাত গছ বাগৰি মৃত্যু যুৱকৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.