Ranjeet Kumar Dass : বাঙালী ভাষাত লিখা বেনাৰক লৈ প্ৰতিক্ৰিয়া মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ - শাৰদীয় দুৰ্গোৎসৱ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 11:04 PM IST

কৰিমগঞ্জ, 26 অক্টোবৰ : শাৰদীয় দুৰ্গোৎসৱৰ সময়ত পূজা মণ্ডপৰ লগতে আন আন ঠাইত কিছু সংখ্যক জাতীয় সংগঠনে বাঙালী ভাষাত লিখা বেনাৰ ফলাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ বৃহস্পতিবাৰে কৰিমগঞ্জত উপস্থিত হৈ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰীজনে ৷  

তেওঁ কয় যে, বৰাক উপত্যকাত যদি বাঙালী ভাষাৰ ঠাইত অসমীয়া ভাষাত বেনাৰ লিখি হয় তেন্তে ইয়াত প্ৰতিক্ৰিয়া কি হ’ব ? যিহেতু ব্ৰহ্মপুত্ৰ উপত্যকাত ৰাজ্যভাষা হিচাবে স্বীকৃতি দিয়া হৈছে অসমীয়া ভাষাক ৷ কিন্তু অসমীয়া ভাষা সলনি কৰি যদি কোনোৱে বাঙালী ভাষাত লিখে, তাত প্ৰতিক্ৰিয়া হ’বই ৷ একেদৰে বৰাক উপত্যকাত যদি বাঙালী ভাষাৰ অসমীয়া ভাষা লিখা হয় একেই প্ৰতিক্ৰিয়াৰ সৃষ্টি হ’ব বুলি কয় তেওঁ ৷

তেওঁ পুনৰ কয় যে, যিহেতু ব্ৰহ্মপুত্ৰ উপত্যকাত ৰাজ্যভাষা হিচাবে অসমীয়া ভাষাক স্বীকৃতি দিয়া হৈছে গতিকে সেই ক্ষেত্ৰত তাত যদি অসমীয়াৰ পৰিৱৰ্তে বাঙালী ভাষাত বেনাৰ লিখা হয় স্বাভাৱিকতে প্ৰতিক্ৰিয়া হ’বই আৰু সেইটো কৰাও অনুচিত ৷ যিহেতু সকলোৱে অসমত সমন্বয়ৰে বাস কৰি আছে গতিকে মানুহে যিটো কৰিলে বুজি পাই সেইটো কৰিব লাগে বুলিও কয় তেওঁ ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে কৰিমগঞ্জত জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়ববীয়াৰ সৈতে এক বৈঠকত মিলিত হয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বিভিন্ন বিভাগীয় বিষয়াৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হয় মন্ত্ৰীগৰাকী ৷

লগতে পঢ়ক : Show cause notice on Assam CM: হিমন্ত বিশ্ব শৰ্মালৈ দেশৰ নিৰ্বাচন আয়োগৰ কাৰণ দৰ্শোৱাৰ জাননী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.