Minor raped in moving car: চলন্ত বাহনত নাবালিকাক ধৰ্ষণ - চলন্ত বাহনত নাবালিকাক ধৰ্ষণ

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 17, 2023, 10:57 PM IST

কোকৰাঝাৰ,১৭ মে': কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা । এগৰাকী নাবালিকাক অপহৰণ কৰি চলন্ত গাড়ীত ধৰ্ষণৰ অভিযোগ তিনি যুৱকৰ বিৰুদ্ধে (Minor raped in moving car in Kokrajhar) । ঘটনা সন্দৰ্ভত তিনিজনক আটক কৰে আৰক্ষীয়ে । দোষীক উচিত শাস্তি প্ৰদানৰ দাবী স্থানীয় ৰাইজৰ ।  

জানিব পৰামতে প্ৰেমৰ প্ৰলোভনেৰে এগৰাকী নাবালিকাক অপহৰণ কৰি লৈ যায় প্ৰেমিকৰূপী প্ৰৱঞ্চকে । মঙলবাৰে বিয়লি কোকৰাঝাৰ জিলাৰ এগৰাকী নাবালিকা যুৱতী এগৰাকীক লগ ধৰিবলৈ আহে আৰু নাৱালিকাগৰাকীক মাৰুতী ভেনত উঠাই  অপহৰণ কৰি নিয়ে বুলি উত্থাপন হৈছে অভিযোগ (Rape case in Kokrajhar) । কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰী তথা দোতমা পথেৰে আহি থাকোতে দোতমা আৰক্ষীৰ নিয়মীয়া তালাচীত আৰক্ষীৰ জালত পৰে যুৱকককেইজন (Minor raped in moving car) । 

লগে লগে আৰক্ষীয়ে আটক কৰে  ৰুবেউল ৰহমান, ইমৰান হুছেইন, আনোৱাৰ হুছেইন আৰু মমিনুৰ ৰহমানক । যুৱককেইজনৰ কৱলৰ পৰা উদ্ধাৰ কৰে নাবালিকাগৰাকীক । আৰক্ষীয়ে নাবালিকাগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ কৰাৰ পাছতে পোহৰলৈ আহে প্ৰকৃত তথ্য । ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে তদন্ত । 

লগতে পঢ়ক: Exclusive description: জোনমণিৰ ৰাভাৰ ৰখাই থোৱা গাড়ীত খুন্দিয়াইছিল কন্টেইনাৰখনে ! প্ৰত্যক্ষদৰ্শীয়ে দিলে বৰ্ণনা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.