thumbnail

By

Published : Apr 11, 2023, 12:48 PM IST

ETV Bharat / Videos

Minor girl tragic death : দেউতাকে কটা গছৰ ডাল পৰি কণমানিৰ মৃত্যু

কৰিমগঞ্জ, 11 এপ্ৰিল : কৰিমগঞ্জ জিলাৰ গোপালপুৰত মৰ্মান্তিক ঘটনা । গছৰ ডাল পৰি অকালতে মৃত্যুক সাৱটি ল’লে এগৰাকী ৮ বছৰীয়া কন্যা শিশুৰ ৷ জানিব পৰা মতে, লোৱাইৰপোয়া ব্লকৰ ডেংগাৰবন্ধ গাঁও পঞ্চায়তৰ গোপালপুৰৰ বাসিন্দা ৰমাকান্ত দাসৰ ঘৰ চৌহদত থকা এজোপা সুমথিৰাৰ গছ ধুমুহাত ভাঙি যায় । দৈনিক মজুৰি কৰি জীৱন নিৰ্বাহ কৰা ৰমাকান্ত দাসে দেওবাৰে সেই আধা ভঙা গছডাল কাটি উক্ত স্থানটো চাফা কৰিব আছিল ৷ তেনেতে সংঘটিত হয় এক হৃদয়বিদাৰক ঘটনা ।

দেউতাকে কাটি থকা গছৰ এটা ডাল তেওঁৰ জীয়ৰীৰ মূৰত পৰে । লগে লগে মাটিত ঢলি পৰি কণমানিগৰাকী । তাৰ পাচতে গুৰুতৰভাৱে আহত কণমানিগৰাকীক ততাতৈয়াকৈ দেউতাকে মাকুন্দ হাস্পতালত ভৰ্তি কৰায় (Minor girl tragic death in Karimganj)। অৱশ্যে পৰিস্থিতি অতি বিষম দেখি মাকুন্দ হাস্পতালৰ চিকিৎসকে কণমানিগৰাকীক শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ৷ কিন্তু আদবাটতে মৃত্যু হয় 8 বছৰীয়া কিশোৰীগৰাকীৰ ।

উল্লেখ্য যে, কণমানিগৰাকী আছিল চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী । নাচি ভালপোৱা কণমানিগৰাকী আকস্মিক মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে । তেওঁৰ বিদ্যালয়ৰ শিক্ষকসকলেও এই অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে । লগতে গাঁওখনৰ প্ৰতিনিধিসকলেও গভীৰ শোক প্ৰকাশ কৰে কণমানিগৰাকীৰ মৃত্যুত (Silchar Medical College and Hospital) ।

লগতে পঢ়ক : Sangpo resort incident : উদ্ভণ্ডালি কৰি আটক হ’ল বায়ুসেনা বাহিনীৰ 5 জোৱান

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.