thumbnail

By

Published : Feb 4, 2023, 1:00 PM IST

Updated : Feb 6, 2023, 4:07 PM IST

ETV Bharat / Videos

Minor girl raped and filmed: কিশোৰীৰ লগত অপকৰ্মৰ ভিডিঅ’ ভাইৰেল কৰি ৰঙাঘৰলৈ কামদেৱ

যোৰহাট, 4 ফেব্ৰুৱাৰী: কলিযুগত আবিৰ্ভাৱ হৈছে কামদেৱৰ ৷ পিচে এই কামদেৱৰ লীলা শুনিলে আপোনাৰো চকু কঁপালত উঠিব ৷ কামদেৱৰ ৰোষৰ পৰা বাচিব পৰা নাই কিশোৰীও (Minor girl rapped at Titabar) ৷ যোৰহাটৰ তিতাবৰত কামদেৱৰ অসৎ চৰিতাৰ্থৰ বলি হ’ল এগৰাকী কিশোৰী (Minor girls obscene video viral) ৷

ঘটনা অনুসৰি অভিৰাম মাণ্ডু নামৰ এটা লম্পট গাড়ী চালকৰ অসৎ কামনাৰ বলি হয় এগৰাকী নাবালিকা (Minor girl rapped and video viral) ৷ নাৰীৰ প্ৰতি দুৰ্বলতা থকা অভিৰামৰ পূৰ্বতেই ৭ গৰাকীকৈ পত্নী আছে ৷ তাৰ পিচতো অভিৰামে অষ্টম গৰাকী পত্নী আনিবলৈ যো-জা চলাওঁতেই লাগিল কেনা ৷  

অভিৰাম নামৰ লম্পটোৱে তিতাবৰ বোকাহোলাৰ চাহ বাগিচাৰ এটা দৰিদ্ৰ পৰিয়ালৰ ১৫ বছৰীয়া এগৰাকী কিশোৰীক মিছা কথা কৈ প্ৰেমত পেলায় ৷ তেওঁ বিবাহিত বুলি অৱগত কৰা নাছিল কিশোৰীগৰাকীক ৷ প্ৰেমৰ পৰিণতিত বিয়া কৰাৰ প্ৰলোভন দি অভিৰামে কিশোৰীগৰাকীক নিজ ঘৰলৈ লৈ আহিছিল (Rape of minor on pretext of marriage) ৷ কিশেৰীগৰাকীৰ লগত অসৎ কাৰ্য সিদ্ধি কৰি সামাজিক মাধ্যমত ভিডিঅ’সমূহ আপলোড কৰিছিল অভিৰামে ৷ এই ভিডিঅ’ ভাইৰেল হোৱাৰ পিচতেই হুৱা-দুৱা লাগে ৷  

এই ঘটনাৰ পিচতেই কিশোৰীগৰাকীয়ে আত্মহনন কৰিবলৈ চেষ্টা কৰিছিল যদিও কোনোমতে বচাবলৈ সক্ষম হয় কিশোৰীগৰাকীক ৷ অভিৰামক স্থানীয় লোকে ধৰি বান্ধি উত্তম মাধ্যম সোধাই বৃহস্পতিবাৰে তিতাবৰ আৰক্ষীক চমজাই দিয়ে । লম্পটটোৰ ঘৰ তিতাবৰৰ ৰজাবাৰীত বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি অভিৰামৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে (Accuse detained at Titabar) ৷  

ইতিমধ্যে এগৰাকী কিশোৰীৰ জীৱন ধ্বংস কৰা এইটো লম্পটক কঠোৰৰ পৰাৰ কঠোৰতম শাস্তি বিহিবলৈ ৰাইজে দাৱী জনাইছে। উল্লেখ্য যে এই লম্পটটোৱ বিয়াৰ প্ৰলোভন দেখুৱাই বহু যুৱতীৰ সৈতে অপকৰ্মত জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থপিত হৈছে ৷  

লগতে পঢ়ক: Child Marriage Accused: মাজুলীত বাল্য বিবাহৰ ২৪ অভিযুক্তৰ অগ্ৰীম জামিন মঞ্জুৰ

Last Updated : Feb 6, 2023, 4:07 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.