thumbnail

By

Published : Aug 6, 2023, 10:54 PM IST

ETV Bharat / Videos

Minor rape case: মহানগৰীত নিচাযুক্ত দ্ৰব্য সেৱন কৰোৱাই ১৬ বছৰীয়া কিশোৰীক ধৰ্ষণ

গুৱাহাটী, 6 জুলাই: মহানগৰীৰ পশ্চিম বৰাগাঁৱত সভ্য সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে । নিচাযুক্ত দ্ৰব্য সেৱন কৰোৱাই পিতৃ-মাতৃৰ সন্মুখতেই এগৰাকী ১৬ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে । ৪ জনীয়া এটা দলে এই দুষ্কৰ্ম কৰাৰ অভিযোগ কিশোৰীগৰাকীৰ পৰিয়ালৰ। 

ইতিমধ্যেই ন্যায় বিচাৰি গড়চুক আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী পৰিয়ালটো । পৰিয়ালৰ এজাহাৰৰ ভিত্তিত গড়চুক আৰক্ষী থানাত POCSO-আধাৰত 229/23 নম্বৰত গোচৰ ৰুজু কৰিছে । সম্প্ৰতি গড়চুক আৰক্ষীয়ে আটক কৰিছে দুই অভিযুক্তক। আটক কৰা দুই অভিযুক্ত ক্ৰমে ৰমেন বড়ো, অৰেণ বড়ো। কিন্তু এতিয়াও পলাতক অৱস্থাত আছে ঘটনাৰ মূল অভিযুক্ত ফকিৰ । ফকিৰৰ ঘৰ ধুবুৰীত। 

ফকিৰে দীৰ্ঘদিন ধৰি ৰিহাবাৰীত ভাৰাতীয়া হিচাপে আছিল। ২ আগষ্টত চন্তেশ্বৰ ব্ৰক্ষ্মৰ ঘৰত মনসা পূজা কৰিব আহি এই ঘটনা সংঘটিত কৰে 4 পাষণ্ডই।

লগতে পঢ়ক: Deadbody recovered: মহানগীৰৰ দুঠাইত একেদিনাই দুটাকৈ মৃতদেহ উদ্ধাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.