Drugs seized: ড্ৰাগছ সৰবৰাহকাৰী কিশোৰী আটক - ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত এগৰাকী কিশোৰী
🎬 Watch Now: Feature Video


Published : Sep 7, 2023, 6:50 PM IST
বিহপুৰীয়া, 7 ছেপ্টেম্বৰ : ৰাজ্যজুৰি অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ৷ ইয়াৰ সমান্তৰালকে লখিমপুৰ জিলাতো আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে মাৰবান্ধ দি থিয় দিছে ৷ ইয়াৰ মাজতে বৃহস্পতিবাৰে লখিমপুৰ জিলাৰ বঙালমৰাত ভংয়কৰ কাণ্ড সংঘটি হৈছে ৷ এইবাৰ ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত এগৰাকী কিশোৰী ৷ সপ্তম শ্ৰেণীত অধ্যয়নৰত কিশোৰীগৰাকীক ড্ৰাগছ সৰবৰাহ কৰি ব্যৱহাৰ কৰিছিল নিজ পিতৃয়ে ৷ বঙালমৰাৰ ১ নং আহমেদপুৰৰ বাসিন্দা আব্দুল আলীয়ে ড্ৰাগছ সৰবৰাহত জড়িত কৰাইছিল কিশোৰীগৰাকীক ৷
ৰাইজে ড্ৰাগছ সৰবৰাহকাৰী কিশোৰীগৰাকীৰ লগতে ড্ৰাগছ ক্ৰয় কৰিবলৈ অহা ছাইফুল ইছলাম আৰু হুছেইন আলী নামৰ যুৱকদ্বয়ক কৰায়ত্ত কৰি বঙালমৰা আৰক্ষীক চমজাই দিয়ে ৷ সম্প্ৰতি আৰক্ষীয়ে দুটোকে সোধা পোছা অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক: Death body in Dibrugarh: নলাত উদ্ধাৰ ৰে’লৱে’ কৰ্মচাৰীৰ মৃতদেহ