Constituency delimitation: কোনো সমষ্টি কাৰো ব্যক্তিগত সম্পত্তি নহয়: উৰ্খাও গৌৰা ব্ৰহ্ম - কোনো সমষ্টি কাৰো ব্যক্তিগত সম্পত্তি নহয়

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 25, 2023, 10:16 PM IST

চিৰাং, ২৫ জুন: বিজনীত বানত ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন চিৰাঙৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ । বিজনীৰ ছাতিয়ানগুৰিৰ পাখাজানি নৈৰ পানীয়ে সৃষ্টি কৰা বান পৰিস্থিতিৰ বুজ লৈ নিৰ্ধাৰণৰ খচৰা প্ৰস্তাৱ আৰু তেওঁৰ সমষ্টি বিলুপ্তিকৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ 

মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই কয় যে, বিজনীত এইবাৰ বানে বিশেষ ক্ষতি কৰা নাই । ইপিনে, ভাৰতৰ নিৰ্বাচন আয়োগে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তাৱ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "বিটিচিত দুটা লোকসভা সমষ্টি হ'ব লাগে বুলি পৰামৰ্শ আগবঢ়াইছিলো যদিও আমি বিচৰা ধৰণে সকলো হোৱা নাই । নিৰ্বাচনী আয়োগ স্বতন্ত্ৰ সংস্থা বুলি মন্তব্য় কৰি কোনো ৰাজনৈতিক দলে নিজৰ ইচ্ছা মতে একো কৰিব পৰা নাই । আমি স্মাৰকপত্ৰ দিব পাৰো, সিদ্ধান্ত দিব নোৱাৰো ।"

সমষ্টি পুনৰ নিৰ্ধাৰণত সাল সলনি হ'বই বুলি মন্তব্য় কৰি তেওঁ কয়, "কাৰোবাৰ বিলুপ্ত হ'ব, কাৰোবাৰ সৃষ্টি হ'ব । কোনো সমষ্টি কাৰো ব্যক্তিগত সম্পত্তি নহয় । মোৰো সমষ্টি বিলুপ্তি হৈছে, মই তাতেই থাকিম নেকি ? ইয়াকে লৈ ডাঙৰ ইছ্য়ু কৰিব নালাগে ।" তেওঁৰ ভ্ৰমণ কালত বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায় আৰু ছিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী উপস্থিত থাকে ।

লগতে পঢ়ক:Constituency Delimitation 2023: তৎপৰ নিৰ্বাচন আয়োগ; ১৫ আগষ্টৰ ভিতৰত চূড়ান্ত কৰাৰ লক্ষ্য সমষ্টি পুনৰ নিৰ্ধাৰণ

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.