অসমৰ সম্পদ সম্ভাৱনাক উজ্জীৱিত কৰিবলৈ প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে কঠোৰ পৰিশ্ৰম কৰিব লাগিব: সৰ্বানন্দ সোণোৱাল - সোণালী জয়ন্তী সমাৰোহ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 30, 2023, 10:15 PM IST

ডিব্ৰুগড়, 30 ডিচেম্বৰ : পাটকাইৰ পাদদেশ নামৰূপ আৰু ইয়াৰ পাশ্বৱৰ্তী বৃহৎ এলেকাৰ একমাত্ৰ উচ্চশিক্ষাৰ অনুষ্ঠান নামৰূপ মহাবিদ্যালয়ত শুকুৰবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ল সোণালী জয়ন্তী সমাৰোহ । দ্বিতীয় দিনা অৰ্থাৎ আজি বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে নামৰূপ মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠান আৰম্ভ হয় ।

বৃহত্তৰ নামৰূপ অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান নামৰূপ মহাবিদ্যালয়ৰ এই সোণালী জয়ন্তীত বৰ্তমানৰ আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক ব্যাপক উৎসাহেৰে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় । শোভাযাত্ৰাত অসমীয়া জাতি-জনগোষ্ঠীৰ সংস্কৃতি, সামাজিক সচেতনতামূলক বাটৰ নাট, বিভিন্ন প্ৰকল্প আজি পৰিলক্ষিত হয় । প্ৰায় সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী তথা ৰাইজে শনিবাৰৰ সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে ৷

দুদিনীয়াকৈ অনুষ্ঠিত কৰা নামৰূপ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ আজি অন্তিম দিনা উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । সমাৰোহত উপস্থিত হৈ মন্ত্ৰীজনে ছাত্ৰ-ছাত্ৰীসকলৰ লগত অন্তৰংগ মত বিনিময় কৰে । নিজৰ অভিজ্ঞতা সম্পন্ন ভাষণত কেন্দ্ৰীয় মন্ত্ৰীজনে ছাত্ৰ-ছাত্ৰীক মূল্যবোধৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক ক্ষেত্ৰলৈকে উদাত্ত ভাষণ প্ৰদান কৰি সকলোকে আপ্লুত কৰে ।

শিক্ষাৰ লগতে ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলক আগুৱাই যাবলৈ আহ্বান জনায় তেওঁ । লগতে কেন্দ্ৰীয় মন্ত্ৰীজনে কয়, অসমৰ সম্পদ সম্ভাৱনাক উজ্জীৱিত কৰিবলৈ প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে কঠোৰ পৰিশ্ৰম কৰিব লাগিব । এই অনুষ্ঠানত বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থকা পৰিলক্ষিত হয় ।

লগতে পঢ়ক : নামৰূপ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.