SEBA controversy: শিক্ষা সংসদত আবেদন কৰিলেই উত্তীৰ্ণ নহয় বুলি স্পষ্ট কৰিলে শিক্ষা মন্ত্ৰীয়ে - উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত অনুত্তীৰ্ণক উত্তীৰ্ণ
🎬 Watch Now: Feature Video
ধেমাজি, ১৫ আগষ্ট: এটা পিছত আনটো বিৰ্তকই যেন লগা এৰা নাই শিক্ষা বিভাগক ৷ এইবাৰ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ন গৰাকীকৈ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত অনুত্তীৰ্ণ শিক্ষাৰ্থীক উত্তীৰ্ণ কৰাই দিয়াৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ অৱশ্য়ে এই অভিযোগ অস্বীকাৰ কৰিছে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুই । সোমবাৰে ধেমাজিত এই অভিযোগ খণ্ডন কৰি শিক্ষা মন্ত্ৰী ডাঃৰণোজ পেগুই কয় যে এইবোৰ কথাৰ কোনো ভিত্তি নাই ।
এই সম্পৰ্কত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ডাঃ ৰণোজ পেগুই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে কোনো লোকে উচ্চতৰ মাধ্যমিকৰ সংসদক জনাইছিল যদিও এইবিলাক পত্ৰ গ্ৰাহ্য নহয় ৷ বহুতে আবেদন কৰি দ্বিতীয় বিভাগৰ পৰা প্ৰথম বিভাগলৈ উত্তীৰ্ণ কৰাই দিবৰ বাবে বা অনুদান বিচাৰি মন্ত্ৰীগৰাকীকো আবেদন কৰে যদিও তাৰ গ্ৰহণযোগ্যতা নাই বুলি তেওঁ কয় ৷ অৱশ্যে মন্ত্ৰীগৰাকীয়ে বিষয়টো ভিত্তিহীন বুলি ক'ব বিচাৰিলেও বিষয়টো যে আওকান কৰিবলগীয়া নহয় সেয়া তেওঁৰ মন্তব্যই স্পষ্ট কৰিছে ৷
লগতে পঢ়ক:77th Independence Day: ডিমা হাছাও জিলাত মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাই উত্তোলন কৰে পতাকা