thumbnail

By

Published : Aug 21, 2023, 4:23 PM IST

ETV Bharat / Videos

Burhidihing College: ২০২৪ ৰ্বষৰ পৰা বুঢ়ীদিহিং মহাবিদ্যালয়ত হ'ব পাঠদান

তিনিচুকীয়া, ২১ আগষ্ট: তিনিচুকীয়া জিলাৰ ৰ্মাঘেৰিটা বিধানসভাৰ অন্তগত বুঢ়ীদিহিং মৌজাৰ অধীনৰ বুঢ়ীদিহিঙৰ বালিজানত নিৰ্মীয়মান বুঢ়ীদিহিং আদৰ্শ মহাবিদ্যালয় দেওবাৰে সন্ধিয়া ৰ্পযবেক্ষণ কৰে কেন্দ্ৰীয় মন্ত্ৰী তথা সাংসদ ৰামেশ্বৰ তেলীয়ে । অসম চৰকাৰৰ চিগনেছাৰ প্ৰজেক্টৰ ১০ কোটি টকাৰে নিৰ্মাণ কৰি থকা এই বুঢ়ীদিহিং আদৰ্শ মহাবিদ্যালয়ৰ নিৰ্মাণ অতি সোনকালে শেষ কৰিবলৈ ঠিকাদাৰক নিৰ্দেশ দিয়ে ।  

২০২৪ ৰ্বষৰ পৰা নিৰ্মীয়মান বুঢ়ীদিহিং আদৰ্শ মহাবিদ্যালয় পাঠদান হ'ব বুলি কয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নিৰ্মীয়মান আদৰ্শ মহাবিদ্যালয়ত অধ্যাপক-অধ্যাপিকাৰ বাবে মহাবিদ্যালয় চৌহদতে শিক্ষক -ৰ্কমচাৰীৰ বাবে আৱাসৰ ব্যৱস্থা, ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ বাৱে হোষ্টেলৰ কাম নিৰ্মাণ কৰা হ'ব বুলি উল্লেখ কৰে ।

আনহাতে, তিনিচুকীয়া জিলাত বিগত কিছুদিন ধৰি চাহ জনজাতি ছাত্ৰ সন্থা আৰু আদিবাসী ছাত্ৰ সন্থাৰ মাজত এক সংঘাত চলি থকা সন্দৰ্ভতো কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মন্তব্য় কৰে ৷ এই সন্দৰ্ভত তেওঁ দুয়োটা সংগঠনেই সমিলমিলেৰে একে লগত থাকিব লাগিব বুলি মন্তব্য় কৰি তেওঁলোকক আক্ৰমণাত্মক মন্তব্য নকৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক:Truck Driver Protest in Tinsukia: তিনিচুকীয়াত অনিৰ্দিষ্টকাললৈ ট্ৰাক চলাচল বন্ধ কাৰ্যসূচী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.