thumbnail

By

Published : Jun 20, 2023, 4:16 PM IST

ETV Bharat / Videos

Minister Pijush visit Mangaldai:এটাও ভগ্ন মথাউৰি নিৰ্মাণ কৰিবলৈ বাকী নাই

দৰং,20 জুন: দৰং জিলাৰ বিভিন্ন স্থানত বানৰ ভয়াবহ ৰূপ ৷  জিলাখনৰ প্ৰায় ডেৰ শতাধিক গাঁও বৰ্তমান বানৰ কবলত ৷  দৰং জিলাৰ বান পৰিস্থিতি নিৰীক্ষণৰ বাবে মঙ্গলদৈত উপস্থিত হ’ল জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা ৷ মঙ্গলদৈৰ কমাৰপাৰা নোৱা নৈৰ ভগ্ন মথাউৰি পৰিদৰ্শন কৰিলে মন্ত্ৰী পীযুষ হাজৰীকাই ৷ বিগত কেইবাদিনো হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ছিঙিছিল মঙ্গলদৈৰ নোৱা নৈ মথাউৰি ৷ চিঙা মথাউৰিটো মেৰামতি কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে নিৰ্মাণ হ'ব লগীয়া বাইপাছলৈ নতুনকৈ এক কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰাৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে ৷

‘‘আগতে এপ্ৰিল মাহৰ শেষৰ পালে মাজুলী, ধেমাজি বানত ডুব গৈ থাকে ৷ কিন্তু এইবাৰ সেই ঠাইত বান হোৱা নাই ৷ মই মৰিগাঁও জিলাৰ মানুহ ৷ অসমৰ আটাইতকৈ বেছি বানপানী হোৱা ঠাই মৰিগাঁও, কিন্তু এইবাৰ হোৱা নাই ৷ মথাউৰি মাটিৰে বনোৱা হয় সেয়ে ছিগি যোৱাৰ সম্ভাৱনা থাকে কিন্তু আমি মোকাবিলা কৰিবলৈ সাজু আছো ৷ অসমত ছিগা মথাউৰি নিৰ্মাণৰ কাম শেষ ক’তো বাকী নাই ৷’’ - বানপানীৰ সন্দৰ্ভত সাংবাদিকৰ আগত এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷ 

ইফালে গৰাখহনীয়া নিয়ন্ত্ৰণৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব বুলিও উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক:গুৱাহাটীত 200 শতাংশ পৰ্যন্ত বৃদ্ধি ভূমিৰ চৰকাৰী মূল্য; এবিঘা মাটি কিনাৰ পূৰ্বে চিন্তা কৰক দহবাৰ !

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.