Pijush Hazarika in Sarupathar : সৰুপথাৰত ড৹ বি.আৰ আম্বেদকাৰ ভৱনৰ শুভাৰম্ভ - Dr B R Ambedkar Bhawan in Sarupathar
🎬 Watch Now: Feature Video


Published : Oct 7, 2023, 7:47 PM IST
সৰুপথাৰ,৭ অক্টোবৰ : গোলাঘাট জিলাৰ সৰুপথাৰত শনিবাৰে মন্ত্ৰী পীযুষ হাজৰীকাই নৱনিৰ্মিত ড৹ বি.আৰ আম্বেদকাৰ ভৱনৰ শুভাৰম্ভ কৰে । অসম চৰকাৰৰ অনুসূচীত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী সঞ্চালকালয়ৰ অনুদানেৰে নিৰ্মাণ কৰা হৈছে এই ড৹ বি.আৰ আম্বেদকাৰ ভৱন । ভৱনটোৰ মুকলিৰ লগত সংগতি ৰাখি মন্ত্ৰীগৰাকীয়ে ৰামধেনু মুকলি মঞ্চত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে ।
সৰুপথাৰৰ ৰামধেনু মুকলি মঞ্চত বিশাল জনসমাৱেশৰ উপস্থিতিত সৰুপথাৰ সমষ্টিৰ উন্নয়ন সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে মন্ত্ৰী পীযুষ হাজৰীকাই । উক্ত সভাত সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন, ধনশিৰি মহকুমাৰ মহকুমাধিপতি দিনচেংফা বৰুৱা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে । ইফালে সংবাদ মাধ্যমৰ সন্মুখত মন্ত্ৰীগৰাকীয়ে সৰুপথাৰৰ বাট-পথৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰৰ উন্নয়নৰ বাবে স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনক প্ৰশংসা কৰে । লগতে তেওঁ বিৰোধী কংগ্ৰেছ আৰু দলটোৰ নেতাসকলকো তীব্ৰ সমালোচনা কৰে ।
লগতে পঢ়ক :Distribution of appointment letters : ৩১৮ গৰাকীক শিক্ষা বিভাগৰ নিযুক্তি-পত্ৰ বিতৰণ
TAGGED:
Minister Pijush Hazarika