কংগ্ৰেছৰ এতিয়া গ্ৰহণযোগ্যতা নাই: যোগেন মহন

By ETV Bharat Assamese Team

Published : Dec 3, 2023, 8:39 PM IST

thumbnail

ডিব্ৰুগড়, 3 ডিচেম্বৰ :  I.N.D.I.A. গঠন কৰিও চাৰি ৰাজ্যত নিৰ্বাচনী যুঁজত নামি তিনিখনত সফল হ’ব নোৱাৰিলে কংগ্ৰেছ । ২৪ ৰ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত চাৰি ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলত কংগ্ৰেছ দলৰ লগতে বিৰোধী ৰাজনৈতিক দলসমূহৰ বাবে মোক্ষম আঘাত । ছত্তীশগড়, ৰাজস্থান, তেলেংগানা আৰু মধ্যপ্ৰদেশৰ ভিতৰত কেৱল তেলেংগানাতে চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে কংগ্ৰেছ ।

কংগ্ৰেছক পৰাভূত কৰা এই সফলতাৰ পাছতে দেশজুৰি অনুষ্ঠিত হৈছে বিজয়ৰ উৎসৱ । বিজেপিৰ এই অভূতপূৰ্ব সাফল্যৰ পাছতে চৰাইদেউৰ সোণাৰিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী যোগেন মহনে । ‘‘ভাৰতবৰ্ষৰ ৰাইজে উন্নয়ন আৰু পৰিৱৰ্তন বিচাৰে সেয়ে আজি ভাৰতীয় জনতা পাৰ্টী তিনিখন ৰাজ্যত জয় হ’বলৈ সক্ষম হ’ল । ভাৰতবৰ্ষৰ ৰাইজে নৰেন্দ্ৰ মোদীক যে পুনৰ প্ৰধানমন্ত্ৰী হিচাপে বিচাৰে সেইটো প্ৰমাণ হৈছে । কংগ্ৰেছৰ এতিয়া গ্ৰহণযোগ্যতা নাই, কংগ্ৰেছক ৰাইজে মনৰ পৰা বহু দিনতেই বিদায় দিলে’’ এই ভাষ্য মন্ত্ৰী যোগেন মহনৰ ।

লগতে পঢ়ক : ৰাজস্থানত বিজেপিৰ জয়ৰ আঁৰত মোদী মেজিক নাছিল; কংগ্ৰেছ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.