thumbnail

পহিলা জানুৱাৰীত বৃহৎ ঘোষণা মন্ত্ৰী যোগেন মহনৰ, 2 লক্ষাধিক লোকে শীঘ্ৰে পাব মাটিৰ পট্টা

By ETV Bharat Assamese Team

Published : Jan 1, 2024, 9:57 AM IST

ডিব্ৰুগড়, 1 জানুৱাৰী : 2023 বৰ্ষটো বিদায় দি আজিৰে পৰা আৰম্ভ হ'ল নতুন ইংৰাজী নৱবৰ্ষ 2024 । নতুন বছৰটোৱে যাতে সকলোৰে বাবে সুখ শান্তি কঢ়িয়াই আনে তাৰে কামনাৰে ৰাজ্যবাসীক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালে মন্ত্ৰী যোগেন মহনে । মন্ত্ৰীগৰাকীয়ে কয়, ‘‘এই নৱবৰ্ষই সকলোৰে বাবে আশাৰ বৰ্ষ, উন্নয়নৰ বৰ্ষ যাতে হয় তাৰে কামনা কৰিছো । সমন্বয় সম্প্ৰীতিৰে ভৰা এখন অসম আমি মনে প্ৰাণে কামনা কৰো।’’

আনহাতে, নৱবৰ্ষৰ দিনটোতে ৰাজহ বিভাগৰ কেবিনেট মন্ত্ৰীজনে ৰাজহ বিভাগৰ বহুকেইটা ভাল খবৰ দিয়ে অসমৰ ৰাইজক । তেওঁ কয়, ‘‘নতুন বছৰত 2 লাখ 30 হাজাৰ লোকক দিয়া হ’ব ভূমি পট্টা । ফেব্ৰুৱাৰী মাহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে প্ৰদান কৰিব এই ভূমি পট্টা । লগতে 2023 বৰ্ষৰ ভূমি খাজানা দিয়াৰ শেষ তাৰিখ 31 ডিচেম্বৰৰ পৰা সময়ত বৃদ্ধি কৰি 31 জানুৱাৰীলৈকে বৃদ্ধি কৰা হৈছে ৷’’

লগতে পঢ়ক : অসমৰ সম্পদ সম্ভাৱনাক উজ্জীৱিত কৰিবলৈ প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে কঠোৰ পৰিশ্ৰম কৰিব লাগিব: সৰ্বানন্দ সোণোৱাল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.