Bohagi Sanmilan at Moran: এইবাৰ মঞ্চত সংগীত শিল্পীৰ ৰূপত মন্ত্ৰী যোগেন মহন - মন্ত্ৰী বিমল বড়া
🎬 Watch Now: Feature Video
মৰাণ, 22 এপ্ৰিল : ব’হাগ মানেই বিহুৰ উন্মাদনা ৷ বিহুৰ মঞ্চত এফাঁকি বিহুনাম নোগোৱাকৈ নো কেনেকৈ থাকে ! ডিব্ৰুগড় জিলাৰ মৰাণত অনুষ্ঠিত হোৱা ব’হাগী সন্মিলনৰ মঞ্চত বিহুগীত জুৰিলে মন্ত্ৰী যোগেন মহনে (Bohagi Sanmilan at Moran) ৷ মৰাণৰ উষাপুৰত আটাছু মৰাণ আৰু মৰাণহাট আঞ্চলিক সমিতিয়ে দুদিনীয়াকৈ অনুষ্ঠিত কৰিছিল ব’হাগী সন্মিলন ৷
লগতে পঢ়ক: Water Crisis in Haflong: হাফলঙত পানীৰ বাবে হাহাকাৰ পৰিস্থিতি; আকাশলংঘী হৈছে পানীৰ দাম
এই সন্মিলনৰ অন্তিম দিনা অৰ্থাৎ শুকুৰবাৰে সন্ধিয়া ব'হাগী সন্মিলনত উপস্থিত থাকে মন্ত্ৰী যোগেন মহন, মন্ত্ৰী বিমল বড়াৰ লগতে বিধায়ক চক্ৰধৰ গগৈ ৷ এই সন্মিলনত জনপ্ৰিয় কণ্ঠশিল্পী প্ৰাণদ্বীপৰ গীতৰ তালত কঁকাল ঘূৰাই নাচিলে মন্ত্ৰী যোগেন মহনে (Minister Jogen Mohan dancing Bihu) ৷