বিজেপিয়ে নিৰ্বাচনত হেটট্ৰিক মাৰিবই, দাবী মন্ত্রী যোগেন মহনৰ - মৰাণৰ প’ল’ ক্লাৱ ফিল্ড
🎬 Watch Now: Feature Video
Published : Dec 2, 2023, 10:23 AM IST
ডিব্ৰুগড়, 2 ডিচেম্বৰ: মৰাণৰ প’ল’ ফিল্ডত শুকুৰবাৰে সন্ধিয়াৰে পৰা অনুষ্ঠিত হৈছে মৰাণ চেম্পিয়ন প্ৰিমিয়াৰ লীগ । চৰাইদেউ আৰু ডিব্ৰুগড় জিলাৰ সীমামূৰীয়া জনসংগমস্থল মৰাণত ৰয়েল সংস্থাৰ উদ্যোগত আৰু মেকং এম চি পি এলৰ সহযোগত মেকং চেম্পিয়ন প্ৰিমিয়াৰ লীগ দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগিতাখন উদ্বোধন কৰে মন্ত্ৰী যোগেন মহনে । 1 ডিচেম্বৰৰ পৰা 4 ডিচেম্বৰলৈকে মৰাণৰ প’ল’ ক্লাৱ ফিল্ডত অনুষ্ঠিত হ’বলগীয়া এই ক্ৰিকেট প্ৰতিযোগিতাখনত ৰাজ্যৰ কেইবাটাও আগশাৰীৰ ক্ৰিকেট দলে অংশগ্ৰহণ কৰিছে ।
প্ৰতিযোগিতাখন উদ্বোধন কৰি মন্ত্ৰী যোগেন মহনে হাতত বেট লৈ তিনিটা বল খেলে যদিও ছিক্স মাৰিব নোৱাৰিলে ৷ ইয়াৰ সৈতে ৰাজনীতিৰ প্ৰসংগ টানি আনি আগন্তুক নিৰ্বাচনত বিজেপিয়ে হেটট্ৰিক মাৰিব বুলি সংবাদ মাধ্যমৰ আগত দাবী কৰে মন্ত্ৰীগৰাকীয়ে । লগতে বিজেপিক প্ৰতিহত কৰিবলৈ বিৰোধী একত্ৰিত হোৱাক লৈয়ো কটু সমালোচনা কৰে মন্ত্ৰী যোগেন মহনে ।
বিৰোধীক কটাক্ষ কৰি মন্ত্ৰী মহনে কয়, "বিৰোধী যিমান একলগ হ'লেও একো ৰিজাল্ট আনিব নোৱাৰে ।" আনহাতে কা' ৰ সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে কয়, "বিৰোধীয়ে কা' ৰ পুৰণি কেছেটখন বজাই নিৰ্বাচনী বৈতৰণী পাৰ কৰিম বুলি ভাবিছে । তেওঁলোকৰ কোনো ইছ্যু নাই ।"
লগতে একে অনুষ্ঠানত খেল উপভোগ কৰিবলৈ উপস্থিত হয় ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাও ।
লগতে পঢ়ক: উৰণ সেতু নিৰ্মাণৰ আঁৰত মুখ্যমন্ত্ৰীৰ আছে ঘৰুৱা এজেণ্ডা- পুনৰ গৌৰৱ গগৈৰ চোকা আক্ৰমণ