যোৰহাট : অহা ৬ ফেব্ৰুৱাৰীৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য় কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিবেশনখনি । কৃষ্ণ,কৃষ্ণ বন্দনাৰে মুখৰিত হ'ব উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠানটোৰ অধিবেশনথলী ম'হবন্ধা এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ ।
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিবেশনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাত আয়োজক সমিতিৰ লগতে আই-বাপসকলে যুদ্ধংদেহী তৎপৰতাৰে আৰম্ভ কৰিছে প্ৰস্তুতি । ৩ কোটি ৫০ লাখ টকাৰ বাজেটেৰে আয়োজন কৰা এই অধিবেশনখনি ম’হবন্ধা এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত অহা ৬ ফেব্ৰুৱাৰীৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হ'ব ।
এই প্ৰস্তুতি সন্দৰ্ভত এগৰাকী উদ্য়োক্তাই কয়, "বৰ্তমান অধিবেশনস্থলীৰ কাম প্ৰায় ৭০ শতাংশ সমাপ্ত হৈছে । দিনে-নিশাই চলি আছে মূল মণ্ডপৰ পৰা আদি কৰি শিবিৰ নিৰ্মাণ । ১২০০ বিঘা মাটি সামৰি লোৱা হৈছে বাৰ্ষিক অধিবেশনৰ মণ্ডপৰ পৰা আৰম্ভ কৰি নামঘৰ, ৰান্ধনিশালা, অতিথিশালা, একেলগে ১৫ হাজাৰ ভক্তই খোৱা-ৱোবা কৰিব পাৰিব ঘৰ নিৰ্মাণৰ বাবে ।"
তেওঁ পুনৰ কয়, "ইতিমধ্যে বৈদ্যুতিকৰণ, খোৱাপানী, মণ্ডপ, নামঘৰ প্ৰতিষ্ঠা আৰু বিভিন্ন ঠাইৰ সৌন্দৰ্যবৰ্ধন আদিৰ কাম সম্পূৰ্ণ হোৱাৰ পথত । ৰাজ্যৰ লগতে দেশৰ বিভিন্ন স্থানৰ পৰা আহিবলগীয়া ভক্ত সকলৰ বাবে ২০০টা শিবিৰ স্থাপন কৰা হৈছে । এই শিবিৰতে ভকত বৈষ্ণৱসকলে নিশা কটাব । ইতিমধ্যে এই শিবিৰৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত ।"
এই অধিবেশনখনি সাফল্যমণ্ডিত কৰি তুলিবলৈ আৰু ভকত-বৈষ্ণৱক আদৰিবলৈ সাজু সংঘৰ আই-বাপসকল । এই চাৰিদিনীয়া কাৰ্যসূচীত ড৹ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ লগতে কেইবাগৰাকী ৰাজনৈতিক আৰু সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকিব । ভক্তসকলক আপ্যায়নৰ বাবে এই অধিবেশনস্থলীত ২০০টা চৌকাত খাদ্য প্ৰস্তুত কৰা হ'ব ।
৯৪ সংখ্যক বাৰ্ষিক অধিবেশনৰ চাৰি দিনত ২০ লক্ষাধিক ভক্তৰ সমাগম ঘটিব বুলি সংঘৰ উদ্যোক্তাসকলে আশা প্ৰকাশ কৰিছে । জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো লোকৰে সমাগম ঘটিবলগীয়া ৯৪ সংখ্যক বাৰ্ষিক অধিবেশনত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ।