thumbnail

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 3:16 PM IST

ETV Bharat / Videos

Jogen Mohan on tea estate labours salary; চাহ জনগোষ্ঠীক লৈ বহুতে ৰাজনীতি কৰি আছে যদিও আজিকালি বাগিচাৰ ৰাইজ সচেতন হৈছে : যোগেন মহন

ডিব্ৰুগড়, 25 ছেপ্টেম্বৰ : "চাহ শ্ৰমিকে দীৰ্ঘদিনৰ পৰা দাবী কৰি অহাৰ অন্তত চাহ শ্ৰমিকৰ দৈনিক মজুৰি ব্ৰহ্মপুত্ৰ উপত্যকাত 250 টকা আৰু বৰাক উপত্যকাত 228 টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । চৰকাৰৰ এই সিদ্ধান্তই চাহ শ্ৰমিকসকলক অলপ হ'লেও সকাহ দিব পৰিয়াল চলাই নিয়াৰ ক্ষেত্ৰত ।" চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা পাচতেই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ ৰাজহ বিভাগৰ কেবিনেট মন্ত্ৰী যোগেন মহনে ।

চাহ বাগিচা আৰু চাহ শ্ৰমিকসকলৰ উন্নয়নৰ বাবে বৰ্তমান চৰকাৰে পাৰ্যমানে সহায় কৰিছে বুলি উল্লেখ কৰে মন্ত্ৰী মহনে ৷ তেওঁ কয়, "বৰ্তমান চাহ শ্ৰমিকৰ মজুৰি 250 টকালৈ বৃদ্ধি কৰা হৈছে, ৷ ভৱিষ্যতে 350 কৰাৰ ক্ষেত্ৰত আলোচনা চলি আছে ৷ চাহ শ্ৰমিকৰ জীৱনৰ মানদণ্ড উন্নত কৰাৰ বাবে চেষ্টা কৰিছে চৰকাৰে । চাহ জনগোষ্ঠীক লৈ বহুতে ৰাজনীতি কৰি আছে যদিও আজিকালি বাগিচাৰ ৰাইজ সচেতন হৈছে ৷"

লগতে পঢ়ক : MLA Rupjyoti Kurmi: অম্বাসুৰৰ ৰূপত অৱতাৰ ধাৰণ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.