গুণোৎসৱ উপলক্ষে দৰঙত মন্ত্ৰী যোগেন মহন - গুণোৎসৱ উপলক্ষে দৰঙত মন্ত্ৰী যোগেন মহন
🎬 Watch Now: Feature Video

ৰাজ্যৰ বিদ্যালয়সমূহত আৰম্ভ হৈছে গুণোৎসৱ (Gunotsav Assam 2022)। তিনিটা পৰ্যায়ত হ'বলগীয়া গুণোৎসৱৰ প্ৰথম পৰ্যায় বুধবাৰৰ পৰা আৰম্ভ হৈছে । গুণোৎসৱৰ দ্বিতীয় দিনা দৰঙত উপস্থিত হ'ল ৰাজ্যৰ পাঁচগৰাকীকৈ কেবিনেট মন্ত্ৰী (5 ministers of Assam at Darrang)। কেবিনেট মন্ত্ৰী ক্ৰমে ৰনোজ পেগু, চন্দ্ৰমোহন পাটোৱাৰী, যোগেন মহন, ৰণজিৎ দাস আৰু বিমল বৰা উপস্থিত হৈ পৰিদৰ্শন কৰে বিদ্যালয়সমূহ । দৰঙৰ ভেবাৰঘাট প্ৰাথমিক বিদ্যালয়ত উপস্থিত হয়গৈ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন মন্ত্ৰী যোগেন মহন (Minister Jogen Mahan at Vebarghat Primary School)। তেওঁ বিদ্যালয়খনৰ প্ৰতিটো শ্ৰেণীকোঠা পৰিদৰ্শন কৰাৰ লগতে ছাত্র-ছাত্ৰীৰ সৈতে মত-বিনিময় কৰে । শিক্ষকৰ ৰূপত ছাত্র-ছাত্ৰীৰ জ্ঞানৰ পৰীক্ষা লোৱা দেখা যায় মন্ত্ৰীগৰাকীক । লগতে বিদ্যালয় খনৰ আন্তঃগাথঁনিৰ ওপৰতো প্ৰধান শিক্ষক আৰু উপায়ুক্তৰ লগত মন্ত্ৰীগৰাকীয়ে আলোচনা কৰে । ইফালে দৰং জিলাৰ কেইবাটাও বিভাগত শীৰ্ষ বিষয়াৰ পদ খালী হৈ থকাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্ত্ৰীগৰাকীয়ে কলে, অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।
Last Updated : Feb 3, 2023, 8:23 PM IST