ৰাজ্যৰ অস্থায়ী বনকৰ্মীৰ চাকৰি নিয়মীয়া কৰিব বন বিভাগে; বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী - মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী
🎬 Watch Now: Feature Video


Published : Dec 3, 2023, 11:34 AM IST
|Updated : Dec 3, 2023, 1:01 PM IST
ডিব্ৰুগড়, 3 ডিচেম্বৰ: শনিবাৰৰ সন্ধিয়া ডিব্ৰুগড় জিলাৰ নামৰূপৰ অভয়পুৰত অমৃত বৃক্ষ আন্দোলনত ৰোপণ কৰা গছ পুলি পৰিদৰ্শন কৰে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে । সংবাদ মাধ্যমৰ সমুখত দিহিং পাটকাইৰ লগতে ৰাজ্যৰ অন্য প্ৰান্তত কৰ্মৰত অৱস্থাত থকা বনকৰ্মীসকলৰ চাকৰি নিয়মীয়া কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে বনমন্ত্ৰী পাটোৱাৰীয়ে ।
বনমন্ত্ৰীগৰাকীয়ে কয়, "দিহিং পাটকাই অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিলে যদিও নিৰাপত্তা ব্যৱস্থা আজিও সু-নিশ্চিত নহয় । ফলত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত অবাধে চলিছে বন ধ্বংস । একাংশ অস্থায়ী বনকৰ্মীয়ে নিৰাপত্তা দি আহিছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক । দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ দৰে একেই পৰিৱেশ ৰাজ্যৰ আন অভয়াৰণ্যসমূহতো নিৰাপত্তা ব্যৱস্থা চলিছে অস্থায়ী বনকৰ্মীৰে ।"
যিসকল বনকৰ্মীয়ে দহ বছৰ চাকৰি কৰিছে সেইসকলৰ চাকৰি নিয়মীয়া কৰাৰ কথা চিন্তা কৰা হৈছে বুলিও সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে বনমন্ত্ৰীগৰাকীয়ে ।
লগতে পঢ়ক: ইটা ভাটাই বিহালীৰ কৃষকলৈ কঢ়িয়াই আনিছে ভাবুকি