Orunodoi Scheme 2: ডিব্ৰুগড়ত অৰুণোদয় ২.০ ৰ উদ্ধোধন মন্ত্ৰী বিমল বড়াৰ

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 9:52 AM IST

thumbnail

মৰাণ, 13 অক্টোবৰ : অসমৰ মহিলাসকলক আর্থিক সুৰক্ষা প্ৰদান কৰা লক্ষ্যৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমাৰ চৰকাৰে অৰুণোদয় আচঁনি ৰূপায়ণ কৰা পাচতেই এই আঁচনিৰ দ্বিতীয় পৰ্যায় আৰম্ভ কৰিছে । ৰাজ্যৰ সকলো দৰিদ্ৰ মহিলাই অৰুণোদয় আচঁনিৰ সুবিধাৰ যাতে লাভ কৰিব পাৰে তাৰ বাবে অৰুণোদয় 2.0 আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে । ৰাজ্যৰ অন্যান্য জিলাৰ লগতে বৃহস্পতিবাৰে ডিব্ৰুগড় জিলাতো অৰুণোদয় 2.0 আঁচনিৰ উদ্ধোধন কৰে মন্ত্ৰী বিমল বড়াই।

মানকটা চাহ বাগিচা খেলপথাৰত অনুষ্ঠিত হোৱা বিশাল ৰাজহুৱা সভাখনত অসম চৰকাৰৰ মন্ত্ৰী বিমল বড়াৰ লগতে ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন , বিনোদ হাজৰিকা, পোনাকণ বৰুৱা, চক্ৰধৰ গগৈ, ঋতুপৰ্ণ বৰুৱা, তেৰছ গোৱালাই অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীত জিলাখনৰ 38,136 গৰাকী লোকক এই আঁচনিত সামৰি লোৱা হৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে। 

এই পৰ্যন্ত ডিব্ৰুগড় জিলাখনত সৰ্বমুঠ 1,36,000 তকৈ অধিক মহিলাই এই আচঁনিৰ সুবিধা লাভ কৰিছে । ইয়াৰ ভিতৰত জিলাখনৰ দীনদয়াল দিব্যাংগন পেঞ্চন আৰু ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ জৰিয়তে 13,182 গৰাকী মহিলাক আৰ্থিক সাহায্য লাভ কৰিব বুলি জানিবলৈ দিয়ে মন্ত্ৰী বিমল বড়াই। প্ৰতি মাহৰ 10 তাৰিখে ৰাজ্যৰ চৰকাৰে এইসকল মহিলাক 250 টকা প্ৰদান কৰিব বুলি মন্ত্ৰীগৰাকীয়ে সদৰী কৰে ৷

লগতে পঢ়ক: Assam CM on Orunodoi: হিতাধিকাৰীৰ নতুন সংজ্ঞাৰে কিহৰ ইংগিত মুখ্যমন্ত্ৰীৰ ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.