নিজ পছন্দৰ কিতাপৰ আনন্দ লোৱাত ব্যস্ত কৃষিমন্ত্ৰী অতুল বৰা - গোলাঘাট গ্ৰন্থ মেলা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/05-12-2023/640-480-20191322-thumbnail-16x9-sri.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Dec 5, 2023, 4:50 PM IST
গোলাঘাট, 5 ডিচেম্বৰ : মঙলবাৰে গোলাঘাট জিলাৰ গ্ৰন্থমেলাৰ বাকৰিত ক্ৰেতাৰ ৰূপত দেখা গ’ল কৃষিমন্ত্ৰী অতুল বৰাক। কৃষিমন্ত্ৰীগৰাকীয়ে ক্ৰয় কৰে কেইবাখনো পছন্দৰ গ্ৰন্থ। গোলাঘাট সমন্বয় ক্ষেত্ৰত 29 নৱেম্বৰৰ পৰা 6 ডিচেম্বৰলৈকে আঠ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ ৷
পশ্চিম গোলাঘাট শাখা সাহিত্য সভা আৰু জিলা প্ৰশাসন তথা বিভিন্ন দল সংগঠন আৰু জিলাবাসীৰ সহযোগত অনুষ্ঠিত হোৱা গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ 2023 ৰ বাকৰিত মন্ত্ৰী অতুল বৰাক দেখা গ’ল এজন গ্ৰন্থ ক্ৰেতাৰ ৰূপত ৷
গ্ৰন্থমেলাৰ বিভিন্ন বিপণিত মন্ত্ৰীগৰাকীয়ে নিজ পছন্দৰ গ্ৰন্থ বিচৰাত ব্যস্ত হৈ পৰা দেখা যায়। ইয়াৰ উপৰিও মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰে কেইবাখনো বিপণি। এই গ্ৰন্থমেলাত ৰাজ্যখনৰ লগতে দেশৰ কেইবাখনো আগশাৰীৰ পুথি প্ৰকাশন গোষ্ঠীয়ে অংশগ্ৰহণ কৰিছে ৷ এই গ্ৰন্থমেলাত ৰাইজৰ ব্যাপক সমাগম হোৱা পৰিলক্ষিত হৈছে ৷
এনেধৰণৰ গ্ৰন্থমেলাৰ জৰিয়তে নতুন প্ৰজন্ম বিশেষভাৱে লাভাৱান্বিত হ’ব বুলি আশা কৰে মন্ত্ৰীগৰাকীয়ে। গোলাঘাটত গ্ৰন্থমেলা পূৰ্বতেও হৈছে কিন্তু এনে পৰিৱেশ পূৰ্বে হোৱা নাই বুলি কৈ মন্ত্ৰীগৰকী অভিভূত হৈ পৰে ৷
লগতে পঢ়ক: মনোৰম কপিলীত পৰ্যটকৰ ভিৰ