thumbnail

By ETV Bharat Assamese Team

Published : Jan 1, 2024, 8:40 PM IST

ETV Bharat / Videos

স্বাস্থ্য সচেতন মন্ত্ৰীৰ ব্যতিক্ৰমী নতুন বছৰৰ শুভেচ্ছা

নিউজ ডেস্ক, 01 জানুৱাৰী : এক ব্যতিক্ৰমী ধৰণে ৰাইজক নতুন বছৰৰ শুভেচ্ছা জনালে অগপৰ সভাপতি তথা ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই ৷ স্বাস্থ্য সচেতন বুলি পৰিচিত মন্ত্ৰী বৰাই আজি বছৰৰ প্ৰথম দিনটোৰ পুৱাতেই কৰা নিয়মীয়া শৰীৰচৰ্চাৰ এক ভিডিঅ’ সামাজিক মাধ্যমত পোষ্ট কৰে ৷

ভিডিঅ’টোৰ সৈতে বৰাই এইদৰে উল্লেখ কৰে, ‘‘ব্যস্ততাময় জীৱন যাত্ৰাৰ মাজতো নতুন বছৰটোত সুস্বাস্থ্যৰ বাবে সকলোৱে নিয়মিত শৰীৰচৰ্চা আৰু যোগাভ্যাসৰ ৰুচি গঢ়ি তোলো আহক...যোগ চিত্ত বৃত্তি নিৰোধঃ’’ ৷

সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাৰ পৰা আৰম্ভ কৰি হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভালৈকে এজন স্বাস্থ্য সচেতন মন্ত্ৰী হিচাবেই পৰিচিত হৈ আহিছে অতুল বৰা ৷ যোগ আৰু বিভিন্ন ব্যায়ামৰ জৰিয়তে শৰীৰটোক কিদৰে নিৰোগী কৰি ৰাখিব পাৰি সেই বিষয়ে বিভিন্ন সভাই সমিতিয়েও ৰাইজক তেওঁ সজাগ কৰা দেখা যায় ৷

লগতে পঢ়ক : ৮৫২.৬২ কোটি টকা ব্যয়ৰে দীঘলীপুখুৰী-নুনমাটি সংযোগী উৰণ সেতুৰ আধাৰশিলা স্থাপন 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.