ৰাজনীতিক একাষৰীয়া কৰি একেটা মণ্ডপত মন্ত্ৰী অতুল বৰা আৰু সাংসদ গৌৰৱ গগৈ - Bokakhat Barowari Puja Mandap
🎬 Watch Now: Feature Video
১০৭ বছৰীয়া বোকাখাতৰ বাৰোৱাৰী পূজাথলীত(Bokakhat Barowari Puja Mandap) সপ্তমীৰ সন্ধিয়া মন্ত্ৰী অতুল বৰা আৰু সাংসদ গৌৰৱ গগৈক দেখা গ’ল একে সময়তে (Atul Bora and Gaurav Gogoi at Bokakhat)। মহাসপ্তমীৰ সন্ধিয়া বোকাখাতৰ বাৰোৱাৰী পূজা সমিতিৰ দ্বাৰা আয়োজিত দুৰ্গা পূজাৰ দেৱীৰ আৰ্শীবাদ ল’লে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে (MP Gaurav Gogoi)৷ দেৱী দুৰ্গাৰ চৰণত সেৱা লৈ বোকাখাতৰ বৈদ্যুতিন মাধ্যমৰ বাটকটীয়া সাংবাদিক প্ৰয়াত প্ৰদ্যুৎ মহন্তৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে বিদেহ আত্মাৰ সদগতি কামনা কৰে ৷ সম্পূৰ্ণ ৰাজনৈতিক কথা-বাৰ্তাৰ পৰা আঁতৰত থাকি ঘৰুৱাভাৱে আৰু এগৰাকী সাধাৰণ নাগৰিক হিচাবে সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰে গৌৰৱ গগৈয়ে ৷
Last Updated : Feb 3, 2023, 8:28 PM IST