প্ৰথমে নিজৰ মাজত একতা স্থাপন কৰক কংগ্ৰেছে: সিংহলৰ পৰামৰ্শ - Opposition political conclave in Assam
🎬 Watch Now: Feature Video
Published : Nov 30, 2023, 10:37 PM IST
ডিব্ৰুগড়, 30 নৱেম্বৰ: বৃহস্পতিবাৰে ৰাজ্যজুৰি ২০২৩ বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৬০ শতাংশ বা ততোধিক নম্বৰপ্ৰাপ্ত ছাত্ৰী আৰু ৭৫ শতাংশ বা ততোধিক নম্বৰপ্ৰাপ্ত ছাত্ৰক চৰকাৰে প্ৰদান কৰে স্কুটী ৷ সেই উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত স্কুটী প্ৰদান অনুষ্ঠানত উপস্থিত থাকে চৰকাৰৰ মন্ত্ৰীসকল ৷ ডিব্ৰুগড়ত ছাত্ৰ-ছাত্ৰীক স্কুটী প্ৰদান কৰে মন্ত্ৰী অশোক সিংহলে ৷ ইফালে একেদিনাই ডিব্ৰুগড়ত অনুষ্ঠিত হয় বিৰোধী ঐক্য মঞ্চৰ ৰাজনৈতিক অভিৱৰ্তন ৷ এই সন্দৰ্ভত সাংবাদিকে মন্ত্ৰী অশোক সিংহলক প্ৰশ্ন কৰাত তেওঁ কয় যে বিৰোধী ক’ত আছে ? সাংসদ গৌৰৱ গগৈ অহাই নাই এই অভিৱৰ্তনলৈ ৷ কংগ্ৰেছে প্ৰথমে নিজৰ মাজৰ একতা ঠিক কৰক ৷ কংগ্ৰেছে ঐক্য মঞ্চৰ কথা কৈ সময় নষ্ট কৰিছে ।