Migratory birds flock at Kodomoni Bill: ভিন্ন পক্ষীৰ কলৰৱত মুখৰিত টিংখাঙৰ গেলা দিচাং কদমনি বিল - পৰিভ্ৰমী চৰাই
🎬 Watch Now: Feature Video
মনোমোহা কামচৰাইৰ স্থায়ী বসতি স্থলত পৰিণত হোৱা এখন বিল হ’ল গেলা-দিচাং কদমনি বিল (Migratory birds flock at Kodomoni Bill)। শীতকাল আহিলেই নানা পৰিভ্ৰমী চৰাইয়ে ভিৰ কৰেহি বিলখনত । বিশেষকৈ নীলাৰঙী কাম চৰাইৰ স্থায়ী বসতিস্থলত পৰিণত হয় টিংখাঙৰ গেলা-দিচাং কদমনি বিল । কাম-চৰাইৰ মনোমোহা লয়লাস প্ৰত্যক্ষ কৰিবলৈ কদমনি বিললৈ দূৰ-দূৰণিৰ পৰা আহে বহু প্ৰকৃতিপ্ৰেমী । মুক্ত মনেৰে বিচৰণ কৰি ফুৰা পক্ষী কূলৰ নৃত্য-ভংগীমাই আকৰ্ষণ কৰে সকলোকে । আনহাতে গেলা-দিচাংবাসী ৰাইজে দেখুৱাই আহিছে বিৰল প্ৰকৃতি প্ৰেমৰ নিদৰ্শন । বিলখনত আশ্ৰয় গ্ৰহণ কৰা পক্ষীকূলক ৰক্ষণা-বেক্ষণ দিবলৈ স্থানীয় লোকসকলে গঢ়ি তুলিছে পক্ষী সুৰক্ষা সমিতি, প্ৰস্তুত কৰিছে এখন কটকটীয়া আইন । আইন অনুসৰি কেনো লোকে এটা চৰাই নিধন কৰিলে ভৰিব লাগিব ৫০০০ টকাৰ জৰিমনা । বিলখনৰ সৌন্দৰ্য বৰ্দ্ধন কৰি, পৰিকল্পিত ৰূপত সজাই-পৰাই পক্ষী উদ্যান হিচাপে গঢ় দিয়াৰ এক পৰিকল্পনা আছে স্থানীয় ৰাইজৰ ।
Last Updated : Feb 3, 2023, 8:38 PM IST