Mid day Meal worker Protest in Tezpur: মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ প্ৰতিবাদত উত্তাল তেজপুৰ

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 4:37 PM IST

thumbnail

তেজপুৰ,১৩ ছেপ্টেম্বৰ: সমগ্ৰ ৰাজ্যৰ লগতে বুধবাৰে তেজপুৰতো মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন চিটোৰ অধীনত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ হাতে হাতে থাল-বাটি লৈ প্ৰতিবাদ সাব্যস্ত কৰা হয় তেজপুৰৰ ৰাজপথত ৷ জিলা আয়ুক্তৰ জৰিয়তে অসমৰ শিক্ষামন্ত্ৰীলৈ দাবী সম্বলিত পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদাকাৰীসকলে । কৰ্মচাৰীসকলে তেওঁলোকৰ ন্যূনতম মজুৰি অসম চৰকাৰৰ মজুৰি আইনৰ ভিত্তিত ১০ হেজাৰলৈ বৃদ্ধি কৰাৰ দাবী উত্থাপন কৰে ৷ খেলিমেলিবোৰ দূৰ কৰি মাননি প্ৰদান নিয়মীয়া কৰাৰ লগতে যি কোনো কাৰণত কাম হেৰুওৱা ৰন্ধনকৰ্মীক এককালীন ৩ লাখ টকা প্ৰদানৰ দাবীৰে সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ৷  

ইয়াৰোপৰি মধ্যাহ্ন ভোজন (পি এম পোষণ) বেচৰকাৰীকৰণৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলে ৷ বিগত ২০০৫ চনৰে পৰা কৰ্মৰত হৈ থকা এই ৰান্ধনীসকলৰ বহুতে যোৱা ১৮ বছৰে বহু কম বেতনৰে কাম কৰি বিদায় লবলগীয়াও হ'ল । তেওঁলোকে দাবী জনায় যে মধ্যাহ্ন ভোজন আঁচনি যাতে বেচৰকাৰীকৰণ কৰা নহয় আৰু লগতে কৰ্মৰত অৱস্থাত দুৰ্ঘটনাগ্ৰস্ত হ'লে চিকিৎসা সাহায্য প্ৰদান কৰাৰো দাবী উত্থাপন কৰে ।

লগতে পঢ়ক: Dilapidated bamboo bridge: বাঁহৰ সাঁকোৰে মৰণপণ যাত্ৰা, আমগুৰিত ধোঁৱা চাঙত উন্নয়ন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.