Mid Day Meal Worker Protest : বিভিন্ন সমস্যা সমাধানৰ দাবীত হোজাইত প্ৰতিবাদ মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 9:49 PM IST

thumbnail

হোজাই, ৩ নৱেম্বৰ: হোজাই জিলা মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ ইউনিয়ন কমিটীৰ উত্তাল প্ৰতিবাদ । লংকাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত হোজাই জিলা মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ ইউনিয়নে উক্ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । বিভিন্ন বিদ্যালয়ত ৰন্ধনকাৰ্যত নিয়োজিত শতাধিক মহিলাই হাতে হাতে বেনাৰ প্লে’কাৰ্ড লৈ অসম চৰকাৰ হায় হায়, শিক্ষা মন্ত্ৰী হায় হয় আদি চৰকাৰ বিৰোধী বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে হোজাইৰ আকাশ বতাহ কঁপাই তোলে ।

প্ৰতিবাদকাৰীসকলে ক্ষোভেৰে কয় যে মাহিলী মাননি ১৫০০ টকাৰ পৰা ১০ হাজাৰ টকালৈকে বৃদ্ধি কৰাকে ধৰি একাধিক দাবীৰ ভিত্তিত ৰন্ধনকৰ্মী সকলে দীর্ঘদিনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও চৰকাৰে আজিলৈ কোনো গুৰুত্ব প্ৰদান কৰা নাই । চৰকাৰৰ ন্য়ূনতম মজুৰি আইন মতে, মাহিলি ১০ হাজাৰ টকা মাননি দিয়া, বছৰৰ ১২ মাহে মাননি প্ৰদান, বিদ্যালয় একত্ৰীকৰণত কাম হেৰুওৱা ৰন্ধনকৰ্মীক এককালীন ৩ লাখ টকাৰ সাহায্য প্ৰদান, আঘাতপ্ৰাপ্ত ৰন্ধনকৰ্মীক চিকিৎসা সাহায্য় প্ৰদান আদিৰ দাৱীত উক্ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । 

লগতে পঢ়ক Badruddin Ajmal : ‘‘3 দিন মিঞা নাথাকিলে গুৱাহাটী কবৰস্থান হৈ যায়’’; আজমলৰ এই অহংকাৰ কিয় ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.