Protest at Barpeta: এহাজাৰ টকাত এমাহ পৰিয়াল চলে নেকি ? মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন ৰন্ধন কৰ্মীৰ

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 3:53 PM IST

thumbnail

বৰপেটা, 4 নৱেম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিও প্ৰতিবাদ অব্যাহত ৰাখিছে ৰন্ধন কৰ্মীসকলে ৷ প্ৰতিগৰাকী ৰন্ধনকৰ্মীক মাহেকত 10 হাজাৰকৈ মজুৰি প্ৰদান কৰা, অৱসৰকালীন 3 লাখ টকা এককালীন ভাট্টা প্ৰদানৰ দাবীৰে আজিও বৰপেটাত প্ৰতিবাদ সাব্যস্ত কৰে ৰন্ধন কৰ্মীসকলে ৷

অভিযোগ অনুসৰি, মধ্যাহ্ন ভোজন আঁচনিত কৰ্মৰত ৰান্ধনীসকলে মাহে 1 হাজাৰ টকাকৈ মাননি লাভ কৰি আহিছে ৷ কিন্তু উক্ত মাননিখিনিও চৰকাৰে প্ৰতি মাহে আদায় নিদিয়ে ৷ সেয়ে মাহিলি 1 হাজাৰ পৰিৱৰ্তে 10 হাজাৰকৈ মাননি প্ৰদান, অৱসৰকালীন ভাট্টা হিচাপে 3 লাখ টকা আগবঢ়োৱা, নিযুক্তি পত্ৰ প্ৰদান কৰা আৰু মধ্যাহ্নভোজন আঁচনিখন অক্ষয়পাত্ৰ ভাণ্ডাৰক অৰ্পণৰ সিদ্ধান্ত বাতিলৰ দাবীত বৰপেটাত ৰন্ধনকৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷

প্ৰতিবাদকাৰীসকলে কয়, ‘‘ আমাৰ সৰু সৰু ল’ৰা-ছোৱালী আছে ৷ 1 হাজাৰ টকাত পৰিয়াল চলে নেকি ! আমি 4 ঘন্টাৰ পৰিৱৰ্তে 6-7 ঘন্টাকৈ বিদ্যালয়তে থাকিব লাগে ৷ তাৰ পাচতো আমাৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া নাই চৰকাৰে ৷’’

লগতে পঢ়ক:Ajmal on Congress : এইবাৰ নিৰ্বাচনত ভূপেন বৰাই ডাঙৰ এটা হাঁহৰ আণ্ডা পাব : আজমল 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.