Soil Testing Laboratory: নলবাৰীত ভ্ৰাম্যমাণ ভূমি পৰীক্ষাগাৰ আগঢ়ালে মেটিক্স ফাৰ্টিলাইজাৰ কেমিকেল লিমিটেডে
🎬 Watch Now: Feature Video
নলবাৰী, 23 এপ্ৰিল: অসমত প্ৰথমবাৰৰ বাবে মেটিক্স ফাৰ্টিলাইজাৰ কেমিকেল লিমিটেডে কৃষকৰ বাবে আগবঢ়ালে সুবিধা ৷ এতিয়াৰে পৰা বিনামূলীয়াকৈ কৃষকসকলে নলবাৰীত মাটিৰ গুণাগুণ পৰীক্ষা কৰিব পাৰিব মেটিক্সে আগবঢ়োৱা ভ্ৰাম্যমাণ পৰীক্ষাগাৰৰ জৰিয়তে (Mobile soil testing laboratory in Nalbari) ৷
উল্লেখযোগ্য যে , অসমত প্ৰথমবাৰৰ বাবে এই মেটিক্স ফাৰ্টিলাইজাৰ কেমিকেল লিমিটেডৰ পৰিচালন সঞ্চালক মনোজ মিশ্ৰই ফ্লেগ অফ কৰি নলবাৰী জিলাৰ পানীগাঁৱত ভ্ৰাম্যমাণ পৰীক্ষাগাৰটোৰ শুভাৰম্ভ কৰে ৷ এখন ম’বাইল ভেনত উপলব্ধ ভ্ৰাম্যমাণ পৰীক্ষাগাৰৰ জৰিয়তে কৃষকে মাটিৰ গুণাগুণ পৰীক্ষা কৰিব পাৰিব (Soil Testing Laboratory in Nalbari) ৷
অসমৰ ভিতৰত নলবাৰী জিলাৰ পানীগাঁৱত দেওবাৰে প্ৰায় দুই শতাধিক কৃষকৰ উপস্থিতিত এখন সভাৰ জৰিয়তে মেটিক্সৰ পৰিচালন সঞ্চালকে ভ্ৰাম্যমাণ পৰীক্ষাগাৰটোৰ শুভাৰম্ভ কৰে ৷ আনহাতে, এই অনুষ্ঠানটোত উপস্থিত থাকে নলবাৰী জিলা কৃষি বিষয়াকে ধৰি মেটিক্স ফাৰ্টিলাইজাৰ কেমিকেল লিমিটেডৰ কেইবাগৰাকীও বিষয়া-কৰ্মচাৰী (Metix Fertilizer Chemicals Ltd) ৷
লগতে পঢ়ক: Assam Agricultural University: অসম কৃষি বিশ্ববিদ্যালয়ত চাৰিদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন