thumbnail

By

Published : Apr 18, 2023, 1:23 PM IST

ETV Bharat / Videos

Smuggled buffalo seized : ৰহাত চোৰাং ম’হসহ তিনিজনক আটক

ৰহা,১৮ এপ্ৰিল : ৰাজ্যত পুনৰ সক্ৰিয় হৈ পৰিছে পশুধন চিণ্ডিকেট চক্ৰ (Buffalo syndicate in Assam) । ৰহাত দিন দুপৰতে চলিছে অবৈধভাৱে ম'হৰ সৰবৰাহ । ৰহা আৰক্ষীয়ে সোমবাৰে ৰাষ্ট্ৰীয় পথত অভিযান চলাই ৰহাৰ জোঙালবলহু গড়ত জব্দ কৰে ১৪ টা ম'হসহ এখন ট্ৰাক (Smuggled buffalo seized at Raha) ।

নগাঁৱৰ কামপুৰৰ পৰা সোণাপুৰলৈ AS02BC3142 নম্বৰৰ এখন ট্ৰাকত ১৪ টা ম'হ অবৈধভাৱে সৰবৰাহ কৰা অৱস্থাত ৰহাৰ জোঙাল বলহু গড়ত ম'হসহ ট্ৰাকখন জব্দ কৰে আৰক্ষীয়ে (Three arrested with smuggled buffaloes at Raha) । পশুধন সৰবৰাহৰ কোনো বৈধ নথি-পত্ৰৰ নাছিল লোককেইজনৰ হাতত ৷ বৈধ নথি-পত্ৰ অবিহনে ম'হ সৰবৰাহ কৰাৰ অভিযোগত ৰহা আৰক্ষীয়ে আটক কৰে ট্ৰাকখনৰ চালককে ধৰি তিনিটাকৈ সৰবৰাহকাৰীক ।

লগতে পঢ়ক: Nangal Bihu Celebration : টীয়কৰ কাকতি গাঁৱত নাঙল বিহু উদযাপন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.