Nalbari home guard controversy: নলবাৰীৰ গৃহৰক্ষী বাহিনীত সংঘাত; নতুন সমিতি গঠন - নলবাৰীৰ গৃহৰক্ষী বাহিনীত সংঘাত
🎬 Watch Now: Feature Video
Published : Sep 10, 2023, 9:42 PM IST
নলবাৰী, ১০ ছেপ্টেম্বৰ: এইবাৰ গৃহৰক্ষী বাহিনীত ঘটিল উলম্ব বিভাজন । নলবাৰীৰ গৃহৰক্ষী বাহিনীত ঘটিছে এই বিভাজন । নলবাৰী গৃহৰক্ষী বাহিনী সুৰক্ষা সমিতিৰ বিৰুদ্ধে নলবাৰীৰ নন্দেশ্বৰ শইকীয়া সভাগৃহত আজি অনুষ্ঠিত হয় এখন সাধাৰণ সভা । গৃহৰক্ষী বাহিনীৰ নলবাৰী জিলা সমিতিৰ সভাপতি সম্পাদকৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে খোদ একাংশ গৃহৰক্ষী জোৱান ।
গৃহৰক্ষী বাহিনীত বিভাজন ঘটাই আজি এইদৰে সাধাৰণ সভাত পূৰ্বৰ সমিতিৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে একাংশ গৃহৰক্ষী জোৱানে । বৰ্তমানৰ সভাপতি আৰু সম্পাদকে গৃহৰক্ষী জোৱানসকলৰ বেমাৰ আজাৰ হ'লেও নেতৃত্বই খবৰ নোলোৱাৰ লগতে কৰ্তব্যত নিয়োজিত হোৱাৰ ক্ষেত্ৰতো পক্ষপাতদুষ্ট আচৰণ কৰি বহু জোৱানক ধাৰাবাহিকভাৱে বঞ্চিত কৰি অহা হৈছে বুলি অভিযোগ উত্থাপিত হৈছে ।
আনহাতে, পূৰ্বৰ সমিতিখনে ৭১৪ জন গৃহৰক্ষী জোৱানৰ পৰা ৫০০ টকাকৈ লৈ ৩,১২,০০০ টকা আত্মসাত কৰাৰ অভিযোগ উঠিছে ৷ ইপিনে, নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰি নলবাৰীৰ জিলা সমিতিখন আজি ভংগ কৰি দিয়াৰ লগতে ৰাজহুৱা সভাত নতুনকৈ এখন পৰিচালনা সমিতি গঠন কৰা হয় । পূৰ্বৰ ৩১ জনৰ পৰিৱৰ্তে এইবাৰ ৫২ জনীয়া সমিতি গঠন কৰে এই সকল জোৱানে ৷ উক্ত সমিতিৰ সভাপতি হিচাপে নুৰুল হক আৰু সম্পাদক হিচাপে কাৰ্ত্তিক ৰাজবংশীক দায়িত্ব অৰ্পণ কৰা হয় ।
লগতে পঢ়ক:G-20 Summit: জি-২০ সন্মিলনে সংঘাতৰ পৰিৱৰ্তে ইতিবাচক পৰিৱেশ সৃষ্টি কৰিব; অসম বিজেপি