Protest in Jorhat:মটক জনগোষ্ঠীক জনজাতিকৰণৰ দাবীৰে যোৰহাটত প্ৰতিবাদ
🎬 Watch Now: Feature Video
যোৰহাট,3 জুলাই: অসম চৰকাৰে মটক জনগোষ্ঠীক জনজাতিকৰণৰ বাবে দিয়া ছমাহৰ ম্যাদ ওকলি যোৱাৰ পিচতে সোমবাৰে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে মটক যুৱ-ছাত্র সন্মিলনে । মটক জনগোষ্ঠীক জনজাতিকৰণৰ দাবীৰে যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ অসম মটক যুৱ ছাত্র সন্মিলনৰ যোৰহাট জিলা সমিতিয়ে ।
মটক জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা, মটক জনগোষ্ঠীক পূৰ্ণ স্বায়ত্ত শাসন প্ৰদান কৰা, গুৱাহাটীত মটক ভৱন বাবে প্ৰয়োজনীয় ভুমি আৱন্টন দিয়া, আলফা সমস্যাৰ শান্তি আলোচনাৰ জৰিয়তে স্থায়ী ৰাজনৈতিক সমাধান কৰা, অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰা, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত মটক জনগোষ্ঠী বাবে বিশেষ আসন সংৰক্ষণৰ ব্যৱস্থা কৰাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে মটক যুৱ-ছাত্র সন্মিলনে ৷ শীঘ্ৰে উক্ত দাৱীসমূহ ৰাজ্য চৰকাৰে সমাধান নকৰিলে জংগী আন্দোলন গঢ়ি তোলা হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ৷
লগতে পঢ়ক:Dighalipukhuri controversy: দীঘলীপুখুৰী বিতৰ্ক; চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা মীৰা বৰঠাকুৰৰ