thumbnail

By

Published : May 13, 2023, 12:12 PM IST

ETV Bharat / Videos

Fire in Lakhimpur: লখিমপুৰত অগ্নিকাণ্ডত ভস্মীভূত আঠখন ব্যবসায়িক প্ৰতিষ্ঠান

লখিমপুৰ, ১৩ মে':লখিমপুৰত শুকুৰবাৰে নিশা সংঘটিত হ'ল ভয়ংকৰ অগ্নিকাণ্ড (Fire at Lakhimpur)। শুকুৰবাৰৰ নিশা লখিমপুৰ চহৰত সংঘটিত হৈছে এই অগ্নিকাণ্ড । নগৰ এলেকাত দুফালে দুখন বিহুৰ সাংস্কৃতিক অনুষ্ঠানৰ নৃত্য গীতে চহৰখন উচ্ছল কৰি ৰখাৰ মাজতে সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা । চহৰখনৰ ডি কে ৰোডৰ ব্যৱসায়িক এলেকাত এই ঘটনাটো সংঘটিত হয় (Fire in Lakhimpur town) ।  

এই অগ্নিকাণ্ডত ভস্মীভূত হয় আঠখনকৈ ব্যবসায়িক প্ৰতিষ্ঠানৰ সা-সামগ্ৰী । এখন ফাৰ্মাচীত শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে । ফাৰ্মাচীখনৰ পৰা সৃষ্টি হোৱা অগ্নিকাণ্ডত আঠখন ব্যৱসায়িক প্ৰতিষ্ঠান ভষ্মীভূত হোৱাত ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় । পিচত পাঁচখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে অগ্নিনিৰ্বাপণ কৰে ।

লগতে পঢ়ক:High Court notice to state govt: ভৰলুৰ প্ৰদূষণক লৈ ৰাজ্য চৰকাৰলৈ উচ্চ ন্যায়ালয়ৰ জাননী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.